গহপুৰৰ মাজমজিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিক সমিতিয়ে মানৱ শৃংখলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰ লগতে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু দৈনিক মজুৰি ৩৫০ টকা কৰাৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
- Log in to post comments
- 7 views