নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'লে পিযুষ হাজৰিকা হ'ব নোৱাৰিব বিধায়ক । নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ মৃত্যুৰ শেল । বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসে এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
সংবাদ মেলখনত পৰমানন্দ দাসে কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ লগতে অনুসূচীত জাতিৰ মৰ্য্যদা দিয়াৰ গভীৰ ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰিছে। বাংলাদেশৰ পৰা আহিবলগীয়া হিন্দু বাংলাদেশীসমূহৰ প্ৰায় ৮০ শতাংশই হ'ল নমসূত্ৰ । এই নমসূত্ৰ উপজাতিটো অনুসূচীত জাতিৰ ১৬টা উপজাতিৰ এটা। বাংলাদেশৰ পৰা আহিবলগীয়া এই নমসূত্ৰ উপজাতিৰ লোকসকলে আমাৰ প্ৰকৃত খিলঞ্জীয়া অসমীয়া অনুসূচীত জাতি মানুহৰ সুবিধাসমূহ কাঢ়ি লৈ গৈছে বুলিও পৰমানন্দ দাসে কয় ।
লগতে তেওঁ কয় যে এই বিধেয়কখন গৃহীত হ'লে পিযুষ হাজৰিকা, গুৰুজ্যোতি দাস, নন্দিতা দাস, ডিম্বেশ্বৰ দাসৰ দৰে খিলঞ্জীয়া অনুসূচীত জাতিৰ লোকসকল ভৱিষ্যতে বিধায়ক হ'বগৈ নোৱাৰিব। কাৰণ অনুসূচীত জাতিৰ ৮টা সংৰক্ষিত সমষ্টিৰ ৩টা ইতিমধ্যে বাংলাদেশী মূলৰ লোকে দখল কৰাটো খাটাং হৈ পৰিছে। সংবাদমেলখনত পৰমানন্দ দাস, পিংকু দাস চৌধুৰী, ধ্ৰুৱজ্যোতি ভঁৰালী, দিব্যজ্যোতি দাস উপস্থিত থাকে।
- Log in to post comments
- 36 views