এন আৰ চি উন্নীতকৰণত কেন্দ্ৰ-ৰাজ্য চৰকাৰে সহযোগ কৰা নাই : ছুপ্ৰীম কোৰ্ট

1111

উচ্চতম ন্যায়ালয়ত মুখথেকেচা কেন্দ্ৰীয় চৰকাৰ। ৮৫৫জন ছহিদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিৰে এটা অংশ হৈছে অসমবাসীৰ বহু প্ৰত্যাশিত এন আৰ চি। যি এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত। য'ত সৰ্বোচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে এন আৰ চি প্ৰকাশৰ চূড়ান্ত সময়সীমা। কিন্তু ইমানৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এন আৰ চি চূড়ান্ত তালিকাৰ প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰিব লাগে বুলি আবেদন জনাইছিল।

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা সেই আবেদনৰ ওপৰত আজি প্ৰদান কৰা হয় শুনানি। সেই অনুযায়ী উচ্চতম ন্যায়ালয়ে কয় যে পূৰ্বনিৰ্ধাৰিত ৩১ জুলাইতে প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা। লগতে  উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত সহায় কৰিবলৈ যি পূৰ্বতে নিৰ্দেশ দিছিল, সেই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে পালন কৰা নাই বুলিও ন্যায়ালয়ে আজি ব্যক্ত কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছিল যে আগন্তুক নিৰ্বাচনৰ বাবে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত বাধা হ'ব বুলি।

সেই সম্পৰ্কত ন্যায়ালয়ে কয়- নিৰ্বাচন আয়োগে ন্যায়ালয়ক পত্ৰযোগে অৱগত কৰাওক যাতে এন আৰ চি প্ৰক্ৰিয়াত কোনো বাধা নপৰাকৈ আগন্তুক নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে। ইয়াৰ উপৰি আজি ন্যায়ালয়ে কয় যে এন আৰ চি উন্নীতকৰণৰ কাম কেতিয়াও ব্যাহত হ'ব নোৱাৰে। প্ৰয়োজনত এন আৰ চি প্ৰক্ৰিয়াত জড়িত হৈ থকা বিষয়াসকলক তলব কৰিব বুলি উল্লেখ কৰে। যাতে এন আৰ চিৰ চূড়ান্ত তালিকা নিৰ্দিষ্ট তাৰিখত প্ৰকাশ পায় তাৰবাবে ন্যায়ালয় দায়বদ্ধ বুলিও আজিৰ শুনানিয়ে অৱগত কৰায়। ইফালে এই সন্দৰ্ভত পৰৱৰ্তী শুনানি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ন্যায়ালয়ে গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে।

Your Comments