সংক্ষিপ্ত খবৰ

সংক্ষিপ্ত খবৰ

# উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণৰ ফলত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পালে৷ এই ক্ষেত্ৰত অসমবাসীয়ে কৃতজ্ঞতা জনাইছে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নৰিমানৰ বিচাৰপীঠক৷


# এন আৰ চিক লৈ ৰাজ্যসভা উত্তাল কৰে তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছে৷ আজি সদনত এন আৰ চি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা৷


# কেন্দ্ৰীয় চৰকাৰৰ গেজেট জাননী, ৩১ ডিচেম্বৰত প্ৰকাশ পাব চূড়ান্ত এন আৰ চি৷


# মমতা বেনাৰ্জীৰ অভিযোগ- অসমত এন আৰ চিৰ জৰিয়তে বঙালী আৰু বিহাৰী হটাও ষড়যন্ত্ৰ চলিছে৷ মমতা বেনাৰ্জীৰ মন্তব্যক প্ৰতিবাদ জনাইছে অসমৰ প্ৰতিটো দল-সংগঠনে৷


# এন আৰ চিত নোসোমাল ২.৪৮ লাখ ‘ডি’ ভোটাৰৰ নাম৷ চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছতহে নিশ্চিত হ’ব ৰাজ্যৰ ‘ডি’ ভোটাৰসকলৰ ভৱিষ্যৎ৷


# ৬২,৬১৪গৰাকী বিষয়া-কৰ্মচাৰীয়ে সফল ৰূপ দিলে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশত৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু তেখেতৰ ‘টীম’ক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে৷


# কৰিমগঞ্জত ১৩,২৪,০৯৬ আবেদনকাৰীৰ ১২,১১,৯৮৭ আৰু হাইলাকান্দিৰ ৭,০৭,৮৫৭ৰ ৬,৪২,০০০গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈছে এন আৰ চিত৷ কাছাৰত নোসোমাল ১,১৫,৮৮৪জনৰ নাম৷


# কাৰ্বিআংলং, পশ্চিম কাৰ্বিআংলং আৰু ডিমা হাচাওত ১, ৫৩,৯৭৪জনৰ নাম বাদ পৰিছে এন আৰ চিত৷


# জনজাতিকৰণৰ দাবীত দিল্লীত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ গণ অনশন৷ পঞ্চায়ত-লোকসভা নিৰ্বাচনত বিজেপিক এশিকনি দিয়াৰ হুংকাৰ৷


# গুৱাহাটী মহানগৰৰ অনিল নগৰত কৃত্ৰিম বানে উটুৱাই নিলে এজন যুৱকক৷ বশিষ্ঠ নৈৰ কোবাল সোঁতত এজনৰ মৃত্যু৷ এঘণ্টাৰ বৰষুণতে গুৱাহাটীৰ বহ অঞ্চলত একাঁঠু পানী৷


# দেশৰ বৰ্তমানৰ ৪,৮৬৭গৰাকী বিধায়ক-সাংসদৰ ভিতৰত বিজেপিৰ সৰ্বাধিকসংখ্যক জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে অপহৰণ সম্পৰ্কীয় গোচৰ৷ ১০২৪গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ৷


# মহাৰাষ্ট্ৰত মাৰাঠা সংৰক্ষণ আন্দোলন৷ ৪০খন বাছত অগ্নিসংযোগ৷ সংৰক্ষণৰ দাব মাৰাঠা ক্ৰান্তি মৰ্চাৰ৷


# মমতা বেনাৰ্জীক সমালোচনাৰে বিজেপিৰ পশ্চিমবংগৰ সভাপতি দিলীপ ঘোষ- বিজেপি ক্ষমতালৈ আহিলে পশ্চিমবংগতো হ’ব এন আৰ চি৷
 

Your Comments