বিজেপি কৰ্মীৰ অপপ্ৰচাৰ। দুজন সাংবাদিকে বিজেপিত যোগদান কৰা বুলি ভুৱা প্ৰচাৰ। ছ'চিয়েল মিডিয়াৰ যোগে চলাইছিল এই অপপ্ৰচাৰ।
শুকুৰবাৰে তিনিচুকীয়া কাণ্ডক লৈ উলিওৱা বিজেপিৰ এটা প্ৰতিবাদী সদলৰ বাতৰি লোৱাক কেন্দ্ৰ কৰি মালিগাঁৱৰ চম্পক সাহা নামৰ এজন বিজেপিৰ কৰ্মীয়ে সাংবাদিক দুগৰাকীয়ে বিজেপিত যোগদান কৰাৰ লগতে চহী কৰিছে বুলি নিজৰ ফেচবুক একাউণ্টৰ দ্বাৰা এটা পোষ্ট দিয়ে।
সাংবাদিক দুজন কল্পজ্যোতি শইকীয়া আৰু দীপাঞ্জলি শৰ্মা। তেওঁলোক দুয়ো দুটা ডিজিটেল মিডিয়াত কৰ্মৰত।
বৰ্তমান তেওঁলোকে বিজেপি কৰ্মী চম্পক সাহাৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে।
- Log in to post comments
- 30 views