ছহিদৰ তেজেৰে হেতালি খেলিলে সোণোৱাল চৰকাৰে। ছহিদক চৰম অপমান চৰকাৰৰ, অথলে গ'ল ৮৫৫ জন ছহিদৰ কেঁচা তেজৰ মূল্য আৰু ত্যাগ। ছহিদ ন্যাসত উচুপি উঠিল ছহিদৰ পৰিয়ালে । সাধাৰণ নাগৰিকৰ প্ৰতিবাদক আওকাণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চৰকাৰৰ যি চক্ৰান্ত সেই চক্ৰান্তৰ বিৰোধিতা কৰিবলৈ গৈ আজি মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অৱশেষত উভতাই দিলে ছহিদৰ প্ৰতি দিয়া সোণোৱাল চৰকাৰৰ সন্মান।
কিয়নো এই বিধেয়কখন গৃহীত হ'লে ছহিক দিয়া সেই সন্মানৰ কোনো মূল্য নাথাকিব বুলি অভিহিত কৰে ছহিদৰ পৰিয়ালৰ লোকে। বঁটা ঘূৰাই দিবলৈ আহি ছহিদ ন্যাসত উচুপি উঠিল নৃপেন মালাকাৰৰ ভাতৃ ৰমেন মালাকাৰ। সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি তেওঁ কয় যে 'তেখেতে দিয়া এই মানপত্ৰ আমি সজাই থলোঁ হয় যদিহে তেওঁ ইয়াৰ সন্মান কৰিলেহেঁতেন।
কিন্তু তেওঁ সেই মৰ্যাদা ৰাখিব নোৱাৰিলে । সেয়েহে আজি আমি উপায়ুক্তৰ দ্বাৰা অসম চৰকালৈ এই বঁটা ঘূৰাই দিম। অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় ১৫০টা পৰিয়ালৰ লোকে আজি উপায়ুক্তক ঘূৰাই দিলে এই বঁটাসমূহ।
- Log in to post comments
- 165 views