এই বছৰটো বিজেপিৰ কাৰণে কৃতকার্যতাৰ বছৰ । ভূপেন হাজৰিকাক 'ভাৰত ৰত্ন' দিছে ভাৰতীয় জনতা পাৰ্টিয়ে । নলবাৰী ঘটনাত কংগ্ৰেছৰ কৰ্মী জড়িত হৈ আছে । মঙ্গলবাৰে এখনি সংবাদ মেলৰ আয়োজন কৰি এইদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
সংবাদ মেলখনত ৰঞ্জিত দাসে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ দি কয় যে এই বছৰটো বিজেপিৰ বাবে কৃতকার্যতাৰ বছৰ। কাৰণ এই বছৰতে ভূপেন হাজৰিকাক 'ভাৰত ৰত্ন' দিয়াৰ লগতে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ লোৱা পদক্ষেপ, স্বায়ত্ব শাসিত পৰিষদত ইখনৰ পিছত সিখনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ কৰিছে।
আনহাতে নলবাৰী ঘটনাটোক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি জনে কয় যে সেই ঘটনাত কংগ্ৰেছৰ সদস্য জড়িত হৈ আছে। আছুৰ ভাৱমূৰ্তী ম্লান কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছী সদস্যই । শিলগুটি আদি মৰাৰ পৰিকল্পনা আগতেই কৰিছিল কংগ্ৰেছীয়ে। কংগ্ৰেছীসকলৰ গুণ্ডামি কৰাটো পূৰ্বৰে স্বভাৱ বুলিও তেওঁ কয় ।
আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে বিজেপিয়ে এই আইনখন গৃহীত হোৱাটো বিচাৰে। এই আইনখন গৃহীত হোৱাৰ পিছত যদি এজনো বাংলাদেশী অসমলৈ আহে তেনেহ'লে আমি আইনৰ কাষ চাপিম।
৩০ অক্টোবৰত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দানৰ বাবে চিবিআইক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ আইনে যি ব্যৱস্থা কৰিব তাক আমি আদৰণি জনাম বুলিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদমেল যোগে মন্তব্য কৰে।
- Log in to post comments
- 11 views