জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শাসকীয় বিজেপিৰ বিৰুদ্ধে জনতাই ৰায়দান দিয়ে আজি ঘোষণা কৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য মন্ত্ৰীৰ মাজুলীৰ তিনিওটা সমষ্টিত। উল্লেখ্য যে যোৱা ২১ জানুৱাৰীত অনুষ্ঠিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত মাজুলীৰ তিনিওটা সমষ্টিৰ বাবে শাসকীয় বিজেপি, কংগ্ৰেছ, অগপ, গণশক্তি আদিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা মুঠ ১৩গৰাকী প্ৰাৰ্থীৱে নিৰ্বাচনত অংশগ্ৰহণ কৰে।
৩১নং ফুলনি জকাইবোৱা সমষ্টিত বিজেপিৰ সমৰ্থনত গণশক্তিৰ প্ৰাৰ্থী ত্ৰৈলোক্য পামেগামে ৫,১৫৯টা ভোট লাভ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী কমলালক্ষী পগাগক (৪,০২৪টা ভোট) ১,১৩৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। এই সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী মহেন্দ্ৰ পায়েঙে ১,১৮৭টা ভোট আৰু অগপৰ প্ৰাৰ্থী গীতামণি নৰহে লাভ কৰে মাত্ৰ ২১৭টা ভোট। আনহাতে, ৩০নং চাংগা মাজুলী আৰু ৩২নং ৰাদাং ৰিক্কং সমষ্টিত বিজেপিসহ আন ৰাজনৈতিক দলসমূহক বিধ্বস্ত কৰি গণশক্তিৰ প্ৰাৰ্থীসকলে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। ৩০নং চাংগা মাজুলীত গণশক্তি দলৰ প্ৰাৰ্থী নীলকান্ত দলেই ৬,৩৯৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰঞ্জন পেগুৱে লাভ কৰে ৪,৯৩০টা ভোট। বিজেপি প্ৰাৰ্থী শিশুধৰ দলেই মাত্ৰ ৩,২৭৪টা ভোট লাভ কৰি তৃতীয় স্হানতে সন্তুষ্ট থাকে।
৩২নং ৰাদাং ৰিক্কং সমষ্টিত গণশক্তিৰ প্ৰাৰ্থী উমা পাঠৰীয়ে ৪,১৩৭টা ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী সুৱন দলেই ৩,৫৭৭টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী নৃপেন কামানে ৩,২৬৭টা ভোট লাভ কৰি তৃতীয় স্হানতে সন্তুষ্ট থাকে। উল্লেখ্য যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যখনতে উত্তপ্ত হৈ থকাৰ পিছতো শাসকীয় বিজেপি চৰকাৰে কোনো শিক্ষা নোলোৱাৰ পৰিপ্ৰেক্ষিততে দলটোৰ বিৰুদ্ধে জনতাই বেলট পেপাৰৰ জৰিয়তে এই চূড়ান্ত ৰায়দান দিয়া বুলি সৰ্ত্ৰতে চৰ্চা লাভ কৰিছে। ইপিনে গণশক্তি দলৰ কৰ্মী তথা সমৰ্থকসকলে বিজয়ী প্ৰাৰ্থীসকলক লৈ শোভাযাত্ৰাৰে আনন্দ প্ৰকাশ কৰে।
- Log in to post comments
- 222 views