গহপুৰত জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' বাতিলৰ দাবীত আৰু ডঃ হীৰেণ গোঁহাই প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। কালি গহপুৰ নগৰৰ ৰাজ্যিক বাছ আস্থান প্ৰাংগণত দিনৰ ১১ বজাত অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
প্ৰতিবাদস্থলীত বিভিন্ন দল-সংগঠন একত্ৰিত হৈ বিধেয়কখনৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে । কোনো কাৰণতেই বিধেয়কখন মানি লোৱা নহ'ব বুলি ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰে। গহপুৰ মহকুমা ছাত্ৰ সন্থা,অসম সাহিত্য সভা,বিশ্বনাথ জিলা কবি সন্মিলনকে আদি কৰি দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
- Log in to post comments
- 10 views