জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰে বাতিলৰ দাবীত আজি মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থা আৰু ৰঙাচাহী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত মাজুলী মহকুমা ছাত্ৰ সন্থা আৰু ৰঙাচাহী ছাত্ৰ একতা সভাৰ যৌথ আহ্বানত পুৱা ১০ বজাৰ লগে লগে ছাত্ৰ সন্থা তথা শিক্ষাৰ্থীৰ প্ৰায় ডেৰশতাধিক প্ৰতিবাদকাৰী উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে একালৰ জাতীয় নায়ক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে বাতিল কৰক,
নাগৰিকত্ব সংশোধনী বিধেয়কৰ অপব্যাখ্যা বিজেপি চৰকাৰে বন্ধ কৰক, হিন্দু বাংলাদেশীৰ বোজা মানি লোৱা নহ'ব, মিছলীয়া প্ৰতাৰক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায়, মুখ্য মন্ত্ৰী গ’-বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ বিশ্বাসঘাতক, অসম চৰকাৰ প্ৰতাৰক, ৰাজ্যিক বিজেপি হুঁচিয়াৰ, ইনকিলাব জিন্দাবাদ আদি শ্লোগানেৰে মহাবিদ্যালয়ৰ চৌহদৰ পৰিৱেশ উত্তাল কৰি তোলে ছাত্র সন্থাৰ সদস্য তথা শিক্ষাৰ্থীসকলে।
ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা নেইনা মিলিয়ে বক্তব্য প্ৰসংগত জাতিধ্বংসী বিল শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ অন্যথা অনিৰ্দিষ্টকাললৈ ৰঙাচাহী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰাৰ হুংকাৰ দিয়ে। মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে অসম তথা কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে অসমীয়া জাতিৰ ওপৰত যি বিধেয়ক জাপি দিব বিচাৰিছে ইয়াক কেতিয়াও মানি লোৱা নহ'ব৷ যি বিধেয়কে অসমীয়াৰ ভাষা, সংস্কৃতি নিঃশেষ কৰিব৷ অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিত আঘাত হানিব৷ ইয়াক কেতিয়াও অসমে মানি নলয়৷ অসমে কোনো অবৈধ বিদেশীৰ বোজা নলয়, অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয় বুলি বক্তব্য প্ৰসংগত সকীয়াই দিয়ে৷
অসমীয়া ৰাইজৰ আৰু ধৈৰ্যৰ পৰীক্ষা নল'বলৈ সকীয়াই দি কয়- বিধেয়ক গৃহীত হ’লে পৰিস্থিতি অধিক ভয়াৱহ হ’ব৷ তাৰবাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ’ব৷ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱাসহ কেইবাগৰাকী ছাত্র নেতাই এই প্ৰতিবাদত অংশ গ্ৰহণ কৰে। ইপিনে যোৱা ২৩ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাইত পঞ্চায়ত প্ৰতিনিধিৰ অভিনন্দন সমাৰোহত ৰাজ্য বিত্ত, গড়কাপ্তানী, স্বাস্থ্য মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ ওপৰত কৰা তীৰ্যক মন্তব্য তথা বিধেয়কৰ ওপৰত দিয়া ভুল ব্যাখ্যাৰ প্ৰতিবাদত আজি ৰঙাচাহী মহাবিদ্যালয়ৰ চৌহদত মাজুলী মহকুমা ছাত্র সন্থাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বুলি সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদথলীৰ পৰাই প্ৰতাপী মন্ত্ৰীগৰাকীক গণতন্ত্ৰৰ চতুৰ্থস্তম্ভক কুঠাৰাঘাত নকৰিবৰ বাবে সকীয়াই দিয়ে মাজুলী মহকুমা ছাত্র সন্থাৰ সম্পাদক বিতোপন শৰ্মাই। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ বন্ধ কৰক, সাংবাদিকৰ ওপৰত তুচ্ছ-তাচ্ছিল্যসূচক মন্তব্য বন্ধ কৰক, বিজেপি চৰকাৰ গ'-বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা লেইলেই-চেইচেই ধ্বনিৰে তীব্ৰ প্ৰতিবাদ জনায়।
- Log in to post comments
- 14 views