শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ ৰহাত অনুষ্ঠিত হ’বলগীয়া দশম বিশেষ বাৰ্ষিক অধিবেশনলৈ মাজত মাথোঁ কেইটামান দিন৷ ৰহাৰ মহিলা শাখা সাহিত্য সভা "সূৰ্যৱতী"ৰ আমন্ত্ৰণক্ৰমে ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ৰহাৰ বাটমাৰী পথাৰৰ জোঙালবলহু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনখনি৷ ১৯৮০ চনত ৰহাত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হোৱাৰ কেইবাটাও দশকৰ পাচত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া দশম বিশেষ বাৰ্ষিক অধিবেশনক লৈ এতিয়া সমগ্ৰ অঞ্চলত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে৷
অসম সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰ এগৰাকী মহিলাক মুখ্য সম্পাদিকা হিচাপে লৈ গঠিত আয়োজক সমিতি প্ৰমুখ্যে ২৬খন উপ-সমিতি অধিবেশনখন সফল কৰি তুলিবলৈ দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে৷ বাণিজ্যমেলা, গ্ৰন্থমেলা, সভাগৃহ, তোৰণ আদিৰ নিৰ্মাণ ক্ষিপ্ৰতাৰে চলাৰ সমান্তৰালকৈ স্বেচ্ছাসেৱকসকলৰ প্ৰশিক্ষণ আদিকে ধৰি ভাগে ভাগে চলিছে বিভিন্ন ধৰণৰ আখৰা৷ কেন্দ্ৰীয় আৰু অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে প্ৰকাশ কৰিছে অধিবেশনৰ বিস্তৃত কাৰ্যসূচী৷ প্ৰকাশিত কাৰ্যসূচী অনুসৰি ৩১ জানুৱাৰী বৃহস্পতিবাৰে পুৱা ১০ বজাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আহঁতগুৰিৰ জন্মস্থানত শ্ৰদ্ধা তৰ্পণেৰে শুভাৰম্ভ হ'ব৷ দুপৰীয়া ১২ বজাত মেডাম-মে-ফি অনুষ্ঠান৷ সন্ধিয়া ৫.৩০ত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ চতুৰ্থ পূৰ্ণাংগ অধিবেশন আৰু ৬.৩০ বজাত স্থানীয় আৰু জিলাৰ শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷
১ ফেব্ৰুৱাৰী শুকুৰবাৰে পুৱা ৮.৪৫ত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব৷ পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে৷ ৯ বজাত স্মৃতি তৰ্পণ, ১০ বজাত প্ৰতিনিধি সভা আৰু ১.৩০ বজাত "জিলিকাব লুইতৰে পাৰ" শীৰ্ষক জনগোষ্ঠীয় যুৱ-ছাত্ৰ সন্মিলন৷ বিয়লি ২.৩০ বজাত জাতীয় বৌদ্ধিক কোষ সন্মিলন অনুষ্ঠিত হ’ব৷ জাতীয় বৌদ্ধিক কোষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্যৰ লগতে ৰাজ্যৰ বুদ্ধিজীৱী-শিক্ষাবিদ, গৱেষক-সাহিত্যিক আদি৷ সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হ’ব জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান৷ ২ ফেব্ৰুৱাৰী শনিবাৰে পুৱা ৯ বজাত অনুষ্ঠিত হ’ব যুৱক-যুৱতীৰ সন্মিলন "সম্ভাৱনা"৷
১১.৩০ বজাৰ পৰা আৰম্ভ হ’ব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷ অসমৰ বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ মাননীয় সভাপতিসকলৰ সৈতে অসম সাহিত্য সভাৰ সভাপতিয়ে অংশগ্ৰহণ কৰিবলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙে৷ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পাচতে ১ বজাৰ পৰা অনুষ্ঠিত হ’ব প্ৰথমখন মুকলি অধিবেশন। নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভ বালকৃষ্ণ আচাৰ্যই উদ্বোধন কৰিবলগীয়া মুকলি অধিবেশনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব সাহিত্য অকাডেমিৰ সভাপতি, জ্ঞানপীঠ বঁটাপ্ৰাপক, কন্নড় সাহিত্যিক চন্দ্ৰশেখৰ কাম্বাৰদেৱৰ লগতে অসমৰ বিভিন্ন জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকল৷ বিয়লি ৪.৪০ত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কবি সন্মিলন আৰু সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান।
৩ ফেব্ৰুৱাৰী দেওবাৰে পুৱা ৯ বজাত অনুষ্ঠিত হ’বলগীয়া অন্তৰংগ আলাপ আৰু অভিনন্দন অনুষ্ঠান "কুঁহি" আৰু "আকাশত" ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনা অংকুশিতা বড়ো, ৰীমা দাস, হিমা দাস, প্ৰমিলা দৈমাৰী, ৰ’দালি বৰুৱা, অংকিতা চলিহা, দ্বীপান্বিতা শৰ্মা, প্ৰতীক্ষা ডেকা আদিক অভিনন্দন জনোৱা হ’ব৷ ১১ বজাত সাহিত্য অকাডেমিৰ সৌজন্যত অনুষ্ঠিত হ’বলগীয়া "মাতৃভাষা আৰু জাতীয় ঐক্য" শীৰ্ষক আলোচনা-চক্ৰত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকিব প্ৰসিদ্ধ বাংলা সাহিত্যিক ডঃ ৰামকুমাৰ মুখোপাধ্যায় আৰু হিন্দী সাহিত্যিক অৰুণ কমল৷ ১ বজাৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় মুকলি অধিবেশন৷ অধিবেশনখনি উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই৷
এই অধিবেশনলৈ আমন্ত্ৰণ জনোৱা হৈছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় গৃহ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তনভীৰ মনচুৰ আদিৰ লগতে বাংলাদেশ তথা কেইবাখনো ৰাজ্যৰ বিশিষ্ট শিল্পী-সাহিতিক্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকী মুখ্য মন্ত্ৰীকো অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা হৈছে। মুকলি অধিবেশনৰ পাচত সন্ধিয়া ৬.৩০ত অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ নিশা ১২ বজাত জাতীয় সংগীতেৰে ৰহাত অনুষ্ঠিত হ’বলগীয়া দশম বিশেষ বাৰ্ষিক অধিবেশনৰ সামৰণি পৰিব৷
- Log in to post comments
- 88 views