মহানগৰীৰ খিলঞ্জীয়াক অচিৰেই দিয়া হ'ব ভূমি পট্টা। পুৰণি সমস্যাসমূহ সমাধান হোৱাৰ পিছতহে নতুন পৰিকল্পনা কৰা হ'ব৷ মহানগৰীত ট্ৰেফিকৰ লগতে পাৰ্কিঙৰো যথেষ্ট সমস্যা আছে।
কামৰূপ (মঃ)ৰ নতুন জিলা উপায়ুক্ত হিচাপে নিযুক্ত হৈ বৃহস্পতিবাৰে এখন সংবাদমেল আয়োজন কৰি সাংবাদিকৰ সৈতে চিনাকি হৈ এনেদৰে মন্তব্য কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।
সংবাদমেলখনত বিশ্বজিৎ পেগুৱে কয়, "মহানগৰীৰ খিলঞ্জীয়াক অচিৰেই ভূমি পট্টা প্ৰদান কৰা হ'ব আৰু মুখ্য মন্ত্ৰীৰ নিৰ্দেশমৰ্মেই ২২ হাজাৰ লোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে।"
দায়িত্বভাৰ গ্ৰহণ কৰি দুটা দিনৰ অভিজ্ঞতাৰ পৰা তেওঁ কয় যে মহানগৰীৰ মূল সমস্যা হ'ল পাৰ্কিং আৰু ট্রেফিক সমস্যা। এই দুটা সমস্যা যদি সোনকালে শেষ কৰিব পৰা নাযায় তেনেহ'লে আগন্তুক দিনত ইয়াতকৈও বেছি সমস্যা হোৱাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 59 views