নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহাতো অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। হায় হায় ধ্বনিৰে উত্তাল ৰহা। নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈ থকা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত কেইবাটাও সংগঠনে বুধবাৰে ৰহাত উলিয়ায় এক জোঁৰ সমদল।
শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ বিধেয়কবিৰোধী শ্লোগানেৰে ৰাজপথ কঁপাই তোলে আৰু বিধেয়কখন শীঘ্ৰে বাতিল কৰি ৰাজ্যলৈ শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়। অন্যথা পৰিস্থিতি অধিক ভয়ংকৰ হ'ব বুলি সকীয়াই দিয়ে।
- Log in to post comments
- 10 views