অসম সাহিত্য সভা আৰু খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সৈতে আলোচনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ব্রহ্মপুত্ৰ অতিথিশালাত মঙলবাৰে পুৱা ৯.৩০ বজাতেই মুখ্য মন্ত্ৰী বহিল আলোচনাত। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি ৰাইজৰ পক্ষত থাকিবৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান পৰমানন্দ ৰাজবংশীৰ।
আলোচনাত উপস্থিত থাকে পৰমানন্দ ৰাজবংশী আৰু কমলাকান্ত মুছাহাৰীৰ নেতৃত্বত যোৱা এটা সঁজাতী দল। তেওঁলোকে অসম সাহিত্য সভা আৰু ৮টাকৈ জনজাতীয় সাহিত্য সভাৰ হৈ মুখ্য মন্ত্ৰীক এক স্মাৰক-পত্ৰ প্ৰদান কৰে।
মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি সাংবাদিকৰ আগত পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ে যে মুখ্য মন্ত্ৰীক তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীটো উত্থাপন কৰে। ৰাজ্যসভাত গৃহীত হোৱাৰ পূৰ্বে বিলখনৰ বিৰোধিতা কৰিবৰ বাবে আহ্বান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। অসমীয়া জাতিটোৰ স্বাৰ্থত সিদ্ধান্ত ল'বৰ বাবেও অসম সাহিত্য সভা আৰু খিলঞ্জীয়া সাহিত্য সভাৰ প্ৰতিনিধিসকলে আহ্বান জনায়।
ইয়াৰোপৰি আলোচনাকালত ডঃ হীৰেন গোহাঁইকে ধৰি যিকেইগৰাকীৰ ওপৰত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰ অনতিবিলম্বে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। আনহাতে, জাগীৰোডৰ কাগজ কল আৰু কাছাৰ কাগজকল পুনৰুজ্জীৱিত কৰি তুলিবৰ বাবে আহ্বান জনায় মুখ্য মন্ত্ৰীক।
সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই সাংবাদিকৰ আগত জনায় যে ৰহাৰ সাহিত্য সভাৰ অধিবেশনখন জাতীয় ঐক্য মঞ্চলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে। সেয়েহে ইয়াত সকলো ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে। উক্ত অধিবেশনৰ মঞ্চতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰো বিৰোধিতা কৰা হ'ব বুলি তেওঁ সদৰী কৰে। সাহিত্য সভাৰ দৰে আছুকে ধৰি অন্যান্য জাতীয় দল-সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ জনাবৰ বাবেও মুখ্য মন্ত্ৰীক আহ্বান জনায় আৰু এই কথাত মুখ্য মন্ত্ৰীয়ে সহমত প্ৰকাশ কৰিছে বুলি ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
- Log in to post comments
- 79 views