গুৱাহাটীত মুকলি 'আছাম ষ্টাৰ্টআপ- দ্য নেষ্ট'

গুৱাহাটীত মুকলি 'আছাম ষ্টাৰ্টআপ- দ্য নেষ্ট'

গুৱাহাটী মহানগৰীৰ আমবাৰীত মুকলি কৰা হ'ল 'আছাম ষ্টাৰ্টআপ- দ্য নেষ্ট'। উদ্যমীসকলক উৎসাহিত কৰা তথা সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে অসম চৰকাৰে এই কেন্দ্ৰটো মুকলি কৰে। 

গুৱাহাটীত মুকলি 'আছাম ষ্টাৰ্টআপ- দ্য নেষ্ট'

অসম ষ্টার্টআপ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যত প্ৰথমবাৰৰ বাবে 'অছাম ষ্টার্টআপ- দ্য নেষ্ট' শীৰ্ষক ইনকিউবেশ্বন কেন্দ্ৰটো অসম চৰকাৰে স্থাপন কৰে। 

গুৱাহাটীত মুকলি 'আছাম ষ্টাৰ্টআপ- দ্য নেষ্ট'

আই আই এম, কলকাতা ইন'ভেশ্বন পাৰ্কৰ সহযোগত অসম চৰকাৰে এই ইনকিউবেশ্বন কেন্দ্ৰটো স্থাপন কৰিছে। ইয়াৰ মূল উদ্দেশ্য হ'ল ৰাজ্যত ষ্টার্টআপৰ বাবে এটা পৰিৱেশ গঢ়ি তোলা আৰু উঠি অহা উদ্যোগীসকলক উৎসাহিত কৰি সহায়ৰ হাত আগবঢ়োৱা। 

গুৱাহাটীত মুকলি 'আছাম ষ্টাৰ্টআপ- দ্য নেষ্ট'

ইয়াৰ অংশ হিচাপে নিৰ্বাচিত হোৱা ষ্টার্টআপ ইনকিউবেটশ্বে একেলগে কাম কৰাৰ সুবিধা, ল'কাৰ হাই স্পীড ইণ্টাৰনেট, বৈঠক, সেৱা ডেস্ক ইত্যাদিৰ সুবিধা লাভ কৰিব।

Your Comments