জিতেন কুমাৰ বৰুৱাৰ ৫খন গ্ৰন্থ উন্মোচন

জিতেন কুমাৰ বৰুৱাৰ ৫খন গ্ৰন্থ উন্মোচন

অসম চৰকাৰৰ শক্তি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা লেখক জিতেন কুমাৰ বৰুৱাৰ আজি গুৱাহাটী প্ৰেছ ক্লাবত ৫খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। 

আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত প্ৰথমতে বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, বিশিষ্ট শিক্ষাবিদ ডঃ ঘনশ্যাম নাথ, বিশিষ্ট কবি মাধুৰী কলিতা চৌধুৰী, সমালোচক বিপুল শৰ্মা, বঙাইগাঁও শিল্পী সমাজৰ উপ-সভাপতি মিনাৰ আলি আৰু গীতিকাৰ, শিল্পী ইমদাদুল হুছেইন। 

'অৰ্ধ প্ৰস্ফূতিত ৰঙা গোলাপৰ বৃন্তচ‍্যুত পাহি' নামৰ গল্প সংকলনখন উন্মোচন কৰি বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে লেখক জিতেন কুমাৰ বৰুৱাৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি কয় যে অৱসৰ জীৱনৰ পিছৰ সময়ছোৱাত লেখকে কলমৰ মাধ্যমেৰে সমাজৰ বিভিন্ন দিশ আঙুলিয়াই সাহিত্য চর্চাত নিমগ্ন হোৱাটো সমাজৰ বাবে সুখবৰ। 

উক্ত অনুষ্ঠানত লেখক জিতেন কুমাৰ বৰুৱাই গ্ৰন্থকেইখন ৰচনাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ভালেসংখ্যক লোক উপস্থিত থকা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আঁতধৰে প্ৰতিশ্ৰুতি আলোচনীৰ সম্পাদক প্ৰণৱজ্যোতি নদীয়ালে।
 

Your Comments