অসম আন্দোলনৰ সময়ৰে পৰাই অসমীয়া জাতি সংকটত আছিল। অসম চুক্তিয়ে বিদেশীক সজালে স্বদেশী। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ যোগেদি অসমীয়া জাতিটোক সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰে। অসমত এতিয়া দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আন্দোলনৰ প্ৰতিযোগিতাত নামি পৰিছে।
দেওবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এইদৰে মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে। মমিনুল আৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে কিছুমান লোকে অপপ্ৰচাৰ চলাই আহিছে। তেওঁলোকে সাধাৰণ জনতাক বাংলাদেশৰ পৰা অসমলৈ ১ কোটি ৯০ লাখ লোকৰ আগমন হ'ব বুলি যি প্ৰচাৰ চলাইছে সেয়া এক বিভ্ৰান্তিমূলক প্ৰচাৰ।
১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে যিসকল লোকক নাগৰিকত্ব প্ৰদান কৰিলে, সেই তেতিয়াই অসম চুক্তিৰ ফলত বিদেশীসকলে নাগৰিকত্ব লাভ কৰিছে৷ সেইটো ১০০% সত্য কথা, তাত আমি কোনো বিভ্ৰান্তি কৰা নাই বুলিও মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। লগতে তেওঁ কয় যে অসম আন্দোলনৰ সময়ৰ পৰাই অসমীয়া জাতিটো সংকটত আছে আৰু এই সংকটৰ পৰা আজিৰ দিনটোলৈকে উদ্ধাৰ হোৱা নাই। কাৰণ আজি যিবিলাক মানুহৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলোঁ সেই মানুহৰ মাজৰ পৰাই আজি বিধানসভাত ১০জন ১৫জনকৈ বিধায়ক হৈ অসমৰ ভাগ্য নিয়ন্ত্ৰকৰ আসনত বহি আছে।
আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সদৌ অসম ছাত্ৰ সন্থাই আৱেগ পৰিহাৰ কৰি অসমীয়া জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত আন্দোলনৰ প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিব লাগে।
প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কথাৰ কথা ক'বলৈ গৈ মমিনুল আৱালে কয় প্ৰফুল্ল মহন্তৰ স্থিতি সন্দেহজনক। এই সন্দেহজনক স্থিতিতেই যদি অসম গণ পৰিষদ প্ৰভাৱিত হয় তেনেহ'লে তেওঁলোকৰ ভৱিষ্যতো ঠিক নহ'ব।
- Log in to post comments
- 46 views