বিটিএডিত সম-অধিকাৰ, সম-উন্নয়নৰ পৰা বঞ্চিত ধৰ্মীয় সংখ্যালঘু জনতা : আমছু

১

আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু দুৰামাৰী আঞ্চলিক আমছুৰ সহযোগত আজি জিলাখনৰ জাউলিয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বিটিচি চুক্তি পুণৰীক্ষণ, বিটিচিবাসীৰ জীৱন-সম্পত্তি সুনিশ্চিতকৰণ, ৫০ শতাংশকৈ কম বড়ো লোকে বসবাস কৰা গাঁওসমূহ বিটিচিৰ পৰা কৰ্তন কৰা আদিকে ধৰি কে'বাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদী সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা আমছুৰ সভাপতি মাফুজ হুছেইনৰ সভাপতিত্বত আজি জাউলিয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে ২০০৩ চনত সম্পূৰ্ণ একপক্ষীয়ভাৱে বিটিচি চুক্তি সম্পন্ন হোৱাৰ পিছৰে পৰাই বিটিএডি এলেকাত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকল মাথোঁ বঞ্চনা আৰু লাঞ্চনাৰ সন্মুখীন হৈ আহিছে।

১

শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদিকে ধৰি সকলো দিশৰ পৰাই বঞ্চিত হোৱা ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে  গোষ্ঠীসংঘৰ্ষৰ ফলত নিজৰ পৈতৃক ভেটিকণে হেৰুৱাই চৰম দুৰ্দশাৰ সন্মুখীন হৈছে যদিও আজিলৈকে উপযুক্ত ক্ষণিপূৰণ নাপালে বুলি মন্তব্য কৰি ৰেজাউল কৰিম সৰকাৰে গোষ্ঠীসংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰাৰ লগতে পৰিয়ালৰ এজনকৈ সদস্যক চৰকাৰী চাকৰিত নিয়োগ কৰিবলৈও দাবী জনায়।

১

তদুপৰি, ছাত্ৰ-নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই বছৰ অতিক্ৰম কৰাৰ পিছতো অদ্যাপি প্ৰকৃত হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰে উপদেষ্টা আজিজুৰ ৰহমানে। তাৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি বিৰোধিতা কৰে দুয়োগৰাকী নেতাই। আনহাতে, সভাত উপস্থিত থকা আমছুৰ কাৰ্যকাৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস আৰু উপদেষ্টা আজিজুৰ ৰহমানে নিজ নিজ ভাষণত বিটিএডিত ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে সম-অধিকাৰ, সম-উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি একপক্ষীয়ভাৱে সম্পন্ন হোৱা বিটিচি চুক্তি পুনৰীক্ষণৰ দাবী উত্থাপন কৰে।

২

ইয়াৰোপৰি বিটিচি পৰিষদীয় সমষ্টিত সাধাৰণ শ্ৰেণীৰ আসন বৃদ্ধি কৰা, ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ত উৰ্দু আৰু আৰবী শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি আমছুৱে দাবী পূৰণ নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে।

১

 জাউলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত আজিৰ সভাত সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন, উপ-সভাপতি ৰফিকুল ইছলাম আদিকে ধৰি আমছুৰ বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰাৰ বিপৰীতে কে'বাশতাধিক ৰাইজে সভাত উপস্থিত থাকে।

Your Comments