পহিলা মাঘত গোনা ম'হৰ যুঁজত কঁপিল আঁহতগুৰিৰ পথাৰ

পহিলা মাঘত গোনা ম'হৰ যুঁজত কঁপিল আঁহতগুৰিৰ পথাৰ

আজি পহিলা মাঘ ।পহিলা মাঘৰ  দিনা গোনা  ম'হৰ যুঁজত কঁপিল আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ।ন্যায়ালয়ৰ নিষেধাজ্ঞা সত্বেও এইবাৰো আঁহতগুৰিৰ ম’হৰ গোৱালসকলে অনানুষ্ঠানিকভাৱে  কুৰিহাল ম'হেৰে অনুষ্ঠিত কৰে ম'হযুঁজ।

লোকবিশ্বাস অনুসৰি মাঘ মাহত ম'হৰ শিঙত পোক হয়। আৰু সেয়ে ম'হে যুঁজিবলৈ বিচাৰে। ম'হ নুযুঁজালে গোৱালৰ বাবে আহি পৰে প্ৰাণৰ সংশয়। সেয়ে গোৱালসকলে যুঁজোৱাৰ বাবে পথাৰলৈ আনে ম'হ।আঁহতগুৰিৰ ম'হযুজস্থলীত অগণন ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰীয়ে ভিৰ কৰে ম'হযুঁজ চাবলৈ।উল্লেখ্য,ন্যায়ালয়ৰ নিৰ্দেশনা মানি ২০১৪ চনৰ পৰা আঁহতগুৰিৰ আনুষ্ঠানিকভাৱে  ম’হযুজ বন্ধ হৈ আছে যদিও ম’হৰ গোৱালসকলে পৰম্পৰা ৰক্ষা কৰি অনানুষ্ঠনিকভাৱে ম’হযুজ অনুষ্ঠিত কৰি আহিছে ৷

ৰহাৰ পৰা কুঞ্জ কাকতি

Your Comments