চৰকাৰী বা বিয়াগোম কোম্পানীৰ বিজ্ঞাপন নহয়৷ তেওঁ কাৰোৰে পৰা লাভ নকৰে আৰ্থিক অনুদানো৷ তথাপিও লাখ লাখ টকা ব্যয় কৰাৰ লগতে হাড়ভঙা পৰিশ্ৰম কৰি শিল্পী মনৰ অধিকাৰী হোৱাৰ বাবেই চৰকাৰ বা কোনো ব্যক্তিগত কোম্পানীয়ে দিয়া বিজ্ঞাপনৰ সমান্তৰালভাৱে প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰি মাতৃভূমিৰ গৌৰৱ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ আহ্বান জনাই আহিছে ৰহাৰ আমনিশালীৰ শিল্পী ভগৱান সেনাপতিয়ে৷ তেওঁৰ প্ৰচেষ্টাই সফলতা লাভ কৰা বুলি ক’ব পৰা হৈছে, তেওঁৰ সৃষ্টিৰাজিসমূহ চাবলৈ হোৱা দৰ্শকৰ লানি নিছিগা ভিৰসমূহৰ পৰা৷
হয়, ভোগৰ উৎসৱ ভোগালী পদূলিত৷ ভোগালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া৷ পিছপৰি ৰোৱা নাই ৰহাৰ আমনিশালীৰ শিল্পী ভগৱান সেনাপতিও৷ আমনিশালীৰ ভেলাঘৰ! নামেই যাৰ পৰিচয়। যিটো ভেলাঘৰে প্ৰতিবছৰে প্ৰেৰণ কৰি আহিছে সমাজলৈ বিশেষ বাৰ্তা৷ ইতিমধ্যে শেহতীয়া কেইবাবছৰত বিশিষ্ট শিল্পী ভগৱান সেনাপতিয়ে নিজৰ গাঁঠিৰ ধন ভাঙি আমনিশালীৰ যুৱক সংঘৰ সহযোগত ২০১৪ বৰ্ষত বৃহৎ বীণাৰ আকৃতিৰ ভেলাঘৰ, ২০১৫ বৰ্ষত ঈগল পৃথিৱী অৰ্থাৎ গোলক সদৃশ ভেলাঘৰ, ২০১৬ বৰ্ষত শান্তিৰ কপৌ আৰু ২০১৭ বৰ্ষত "গঁড় বচাওক, অসমৰ মান ৰাখক" বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰি সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল৷
কোনো চৰকাৰী বা আন সাহায্য লাভ নকৰাকৈ শেহতীয়া কেইবছৰত সমাজলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰা ভেলাঘৰ নিৰ্মাণ কৰাৰ পাচত এইবছৰত ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ভেলাঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি সমাপ্ত কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম ভগৱান সেনাপতি আৰু সহযোগীয়ে। এইবাৰ গুৱাহাটীৰ জনপ্ৰিয় সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী সংগঠন সাৰেগামা সুৰ বাহিনীৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠনটোৰ আৰ্থিক সাহায্যত আৰু স্বেচ্ছাসেৱী সংগঠন আমাৰ বনানী, স্থানীয় নয়নজ্যোতি যুৱ সংঘ, ত্ৰিবেণী সংঘ তথা আমনিশালীৰ ৰাইজৰ সহযোগত সেনাপতিৰ হাতৰ পৰশত সৃষ্টি হৈ উঠিছে পুনৰ "গঁড় সুৰক্ষা আৰু অৰণ্য সুৰক্ষাৰ" বাৰ্তা।
প্ৰায় ১০০ ফুট দীঘল, ৫০ ফুট বহল এটুকুৰা স্থানত এনে গুৰুত্বপূৰ্ণ দিশ ভেলাঘৰৰ যোগেদি প্ৰতিফলন ঘটাবলৈ যাওঁতে খৰচ হৈছে ২ লাখ টকা। বাঁহ প্ৰায় ২৫০ডাল, ঠিক তেনেকৈ নৰাও। তথাপি পিছ হোঁহকা নাছিল ভগৱান সেনাপতিৰ নেতৃত্বত উদ্যমী যুৱকসকল৷ বৰ্তমান সম্পূৰ্ণ হৈ উঠা নিপুণ শিল্পীজনৰ হাতৰ পৰশত নৰা আৰু বাঁহেৰে নিৰ্মিত তথা সমাজলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰা ৰহাৰ আমনিশালীস্থিত ভেলাঘৰটোৱে দেশী-বিদেশী পৰ্যটকৰ লগতে সকলোকে হাতবাউলি মাতিছে৷
- Log in to post comments
- 26 views