ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ একবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন

ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ একবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন

অসম ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ একবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখনি আজি বঙাইগাঁও চহৰৰ ৰাধাকৃষ্ণ ঠাকুৰবাৰী মন্দিৰত অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে পতাকা উত্তোলনেৰে অধিৱেশনখনিৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ ভাগৱতীয়ে৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাত সভাপতিত্ব কৰে প্ৰদীপ কুমাৰ ভাগৱতীয়ে৷ সভাত ভাষণ প্ৰদান কৰি নিৰ্দিষ্ট বক্তা জিতেন্দ্ৰ চন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে কয় যে আনুষ্ঠানিক শিক্ষাই মানুহ এজনক পূৰ্ণৰূপে গঢ়ি তুলিব নোৱাৰে৷ সেইখিনিতেই ধৰ্মৰ প্ৰয়োজন আহি পৰে৷ ধৰ্মৰ শিক্ষাই মানুহক পূৰ্ণতা প্ৰদান কৰে৷ বেদ, পুৰাণ আদিত মানৱ জীৱনৰ মূল্যবোধ, সুস্থ আৰু সভ্য জীৱন যাপনৰ প্ৰক্ৰিয়াকে শিক্ষা দিয়া হয় বুলিও তেওঁ কয়৷ এই অধিৱেশনতেই আগন্তুক ২০১৯-২১ বৰ্ষৰ বাবে প্ৰদীপ কুমাৰ ভাগৱতীক সভাপতি, ৰত্নেশ্বৰ শৰ্মাক সম্পাদক আৰু মদন শৰ্মাক কোষাধ্যক্ষ হিচাপে লৈ বঙাইগাঁও আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সমিতিখন গঠন কৰা হয়৷

Your Comments