ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে আজি সদৌ অসম কবি সন্মিলনে সমগ্ৰ অসমজুৰি "ৰাজপথত কবিতাৰে প্ৰতিবাদ" নামৰ এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰে৷ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী আজি ডবকা চহৰৰ পুলিচ পইণ্টত থকা নেতাজী প্ৰতিমূৰ্তিৰ সন্মুখত হোজাই জিলা কবি সন্মিলনে "কবিতাৰে প্ৰতিবাদ" নামৰ এটি কাৰ্যসূচী ৰূপায়ণ কৰে৷
হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতানৰ নেতৃত্বত আজিৰ এই কবিতাৰে প্ৰতিবাদ নামৰ অনুষ্ঠানৰ আঁতধৰে হোজাই জিলা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক জমিৰ উদ্দিন তালুকদাৰে৷ সভাত কবিতা পাঠ কৰে ডঃ হাচিনুচ চুলতান, ডবকা শাখা কবি সন্মিলনৰ সভাপতি ৰফিক উদ্দিন, বাহাৰ উদ্দিন, ৰিয়াজুল আলম পাটোৱাৰী, হোজাই জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আলম হুছেইন তালুকদাৰ, জিয়া চৌধুৰী, সমাজসেৱী সংস্থা চিডিএছৰ সম্পাদক আব্দুৰ ৰেজ্জাকৰ লগতে কে'বাগৰাকী নবীন-প্ৰবীণ কবিয়ে৷
সভাত হোজাই জিলা কৃষক মুক্তিৰ প্ৰতিনিধি আৰিফ হুছেইন মজুমদাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বক্তব্য আগবঢ়ায়৷
- Log in to post comments
- 17 views