নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে দিল্লীত সম্পূৰ্ণ উলংগ প্ৰতিবাদৰ পিছত মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত মুণ্ডনেৰে প্ৰতিবাদ। ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে শুকুৰবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত স্থানীয় যুৱকে সমূহীয়া মুণ্ডনেৰে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ নিচেই কাষতে সকলোৱে চুলি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় যুৱকৰ প্ৰতিবাদত প্ৰাক্তন আলফা সদস্যই সহযোগিতা আগবঢ়ায়।
ক্ৰমে মৃদুল শইকীয়া, পিংকু ভূঞা, অনন্ত ভূঞা, নিতুল ভূঞা, তোনিৰাম পায়েং, কৃষ্ণ মাধৱ শইকীয়া, প্ৰবিত্র বৰদলৈ, নিৰঞ্জন দাস আৰু যতীন ফুকনকে ধৰি ৯জনকৈ লোকে এই প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়ক বাতিলৰ দাবী জনায়। ইফালে মাজুলীৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰতিবাদৰ জুই। মহাবিদ্যালয়সমুহত ছাত্ৰ একতা সভাই অনিৰ্দিষ্টকাললৈ শ্ৰেণী বৰ্জন কৰাৰ লগতে মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সত্ৰাধিকাৰেও আন্দোলন ঘোষণা কৰিছে।
- Log in to post comments
- 27 views