অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ'বলগা মিচিং স্বায়ত্ত পৰিষদৰ এইবাৰৰ নিৰ্বাচনত মাজুলী জিলাৰ অন্তৰ্গত তিনিটা পৰিষদীয় সমষ্টি ক্ৰমে ৩০নং চাংগা মাজুলী, ৩১নং ফুলনি জকাইবোৱা আৰু ৩২নং ৰাদাং ৰিক্কং সমষ্টিত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবে মুঠ ১৮গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন-পত্ৰ দাখিল কৰে। বিয়লি ৩ বজাত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম সময়সীমা অন্ত পৰাৰ পাছত জিলা নিৰ্বাচন প্ৰাধিকাৰীৰ কাৰ্যালয়ে জাৰি কৰা তালিকা অনুসৰি ৩০নং চাংগা মাজুলী, ৩১নং ফুলনি-জকাইবোৱা আৰু ৩২নং ৰাদাং-ৰিক্কং সমষ্টি তিনিওটা প্ৰত্যেকতে ছয়গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰে।
মনোনয়ন-পত্ৰ দাখিল কৰাসকলৰ ভিতৰত আছে কংগ্ৰেছৰ তিনিগৰাকী আৰু বিজেপি, গণশক্তি আৰু অগপৰ দুইগৰাকীকৈ প্ৰাৰ্থী। তদুপৰি নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই ৯গৰাকীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে। চাংগা মাজুলী সমষ্টিত বিজেপিৰ শিশুধৰ দলে, কংগ্ৰেছৰ ৰঞ্জন দলে, গণশক্তিৰ নীলকান্ত দলে আৰু নিৰ্দলীয় হিচাপে প্ৰেমধৰ দলে, দাইৰিং দলে আৰু ঘনকান্ত দলে মনোনয়ন-পত্ৰ দাখিল কৰে। একেদৰে ৩১নং ফুলনি-জকাইবোৱা সমষ্টিত কংগ্ৰেছৰ কমলালক্ষী পায়েং পগাগ, গণশক্তিৰ ত্ৰৈলোক্য পামেগাম, অগপৰ গীতামণি নৰহ আৰু নিৰ্দলীয় হিচাপে মহেন্দ্ৰ পায়েং, ববিতা নৰহ মিলি আৰু প্ৰণৱ মিলিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।
আনহাতে, ৩২নং ৰাদাং-ৰিক্কং সমষ্টিত বিজেপিৰ নৃপেন কামান, কংগ্ৰেছৰ সোভন দলে, অগপৰ নাগেশ্বৰ দলে আৰু নিৰ্দলীয় প্ৰাৰ্থীৰূপে ৰণোজ কুমাৰ পামেগাম, উমা পাঠৰী আৰু প্ৰভাত পেগুৱে মনোনয়ন-পত্ৰ দাখিল কৰে। উল্লেখ্য যে মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ত কাইলৈ পুৱা ১১ বজাৰ পৰা এই মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময়সীমা হৈছে অহা ১৪ জানুৱাৰীৰ বিয়লি ৩ বজা। ইফালে, জিলাখনৰ তিনিওটা মিচিং স্বায়ত্ত পৰিষদীয় সমষ্টিৰ মুঠ ৯১টা ভোটকেন্দ্ৰত অহা ২১ জানুৱাৰীৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ কৰা হ'ব। অহা ২৮ জানুৱাৰীত এই নিৰ্বাচনৰ ভোট গণনা হ'ব।
বিজেপি-গণশক্তি মিত্ৰজোঁটৰ মাজত মতানৈক্য
আসন্ন মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত দুই মিত্ৰদল বিজেপি আৰু গণশক্তি দলে মিত্ৰজোঁটেৰে নিৰ্বাচনত অংশ কৰিব যদিও দুয়ো দলৰ মাজত দেখা দিয়া মতানৈক্যই জটিল সমস্যাৰ সৃষ্টি হৈছে দুয়ো দলৰ শীৰ্ষ নেতৃত্বৰ মাজত। দুয়ো দলৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হোৱা আলোচনাৰ সিদ্ধান্তমতে মাজুলীৰ তিনিটা সমষ্টিৰ ভিতৰত শাসকীয় গণশক্তিয়ে দুটা সমষ্টি আৰু বিজেপিয়ে এখন সমষ্টি হিচাপে লৈ আসন বুজাবুজিত উপনীত হয়। কিন্তু আলোচনাৰ এই সিদ্ধান্তক দুয়ো দলে ভংগ কৰি ৩০নং চাংগা মাজুলীত বিজেপিয়ে শিশুধৰ দলেক আৰু গনশক্তিয়ে নীলকান্ত দলেক প্ৰাৰ্থিত্ব আগবঢ়াইছে।
এই সমষ্টিতে গণশক্তিৰ দলৰ নেতা প্ৰেমধৰ দলেই নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব দিছে। ইপিনে ৩১নং ফুলনি জকাইবোৱা সমষ্টিৰ আসন বিজেপিয়ে গণশক্তিক এৰি দিছে৷ কিন্তু সমষ্টিটোৰ সাধাৰণ সদস্যা তথা গণশক্তিৰ নেত্ৰী ববিতা নৰহে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে। একেদৰে ৩২নং ৰাদাং ৰিক্কং সমষ্টিৰ আসন গণশক্তিয়ে বিজেপিক এৰি দিছে যদিও গণশক্তিৰ নেতা উমা পাঠৰীয়ে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে।
- Log in to post comments
- 21 views