সদৌ অসম উকীল সন্থাৰ আহ্বানত আজি বঙাইগাঁৱতো অসাংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বাতিলৰ দাবীত বঙাইগাঁও উকীল সন্থাই দুঘন্টীয়া প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা উকীলসকলে অসাংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, উকিল সন্থা জিন্দাবাদ আদি শ্লোগান দিয়ে ৷
ইপিনে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা বঙাইগাঁও উকীল সন্থাৰ সভাপতি সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে নাগৰিকত্ব সংশোধনী বিল বাতিল কৰাৰ দাবীত সদৌ অসম উকীল সন্থাই আহ্বান জনোৱা কাৰ্যসূচীৰ অংশ হিচাপে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে ৷ আনহাতে জ্যেষ্ঠ অধিবক্তা হৰেশ্বৰ দাসে কয় যে সমগ্ৰ অসমত আজি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ খন অনাৰ মাজেদি আমাৰ সমাজত ভেদভাৱ আনি দিয়া হৈছে ৷ আমি উকীল সন্থাইও চৰকাৰৰ এই ভেদভাৱবাদী পদক্ষেপক গভীৰ উদ্ধেগ প্ৰকাশ কৰিছো ৷
সংবিধানৰ যি মৌলিক অধিকাৰ বিলাক আছে সেই অধিকাৰক তথা ধৰ্ম নিৰপেক্ষতাক কুঠাৰঘাত কৰি জাতিৰ নামত বা ধৰ্মৰ নামত যিখন বিধেয়ক আনিব বিচাৰিছে আমি তাৰ বিৰোধী ৷ সেয়ে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি যাতে এই বিলক নৎসাত কৰিব পাৰি তাৰ বাবে সাধাৰণ ৰাইজৰ লগত আমিও একত্ৰিত হৈ এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজেদি চৰকাৰৰ পদক্ষেপ যে ভুল তাক আমি প্ৰমাণ কৰাৰ কাৰণে এই কাৰ্যসূচী ৰূপায়ণ কৰিছো বুলিও কয়৷
- Log in to post comments
- 22 views