গোলাঘাটত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

ৈ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাটত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ আংশিক প্ৰভাৱ পৰা দেখা যায়।  চহৰখনত প্ৰায় দোকান-পোহাৰ আদি বন্ধ আছিল৷ চৰকাৰী-বে চৰকাৰী বিদ্যালয়সমূহত বন্ধৰ প্ৰভাৱ পৰা দেখা নগ'ল। অৱশ্যে কাৰ্যালয়তসমূহত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হয়।

বন্ধৰ সময়চোৱাত চহৰখনৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহত কোনো বিক্ষিপ্ত ঘটনা হোৱাৰ খবৰ পোৱা নাযায়। ৰাজ্যখনত মূলতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ ওপৰত সৰ্বত্ৰে বিৰুদ্ধাচৰণ চলি থকা সময়ত আৰু মাঘ বিহুৰ প্ৰাকক্ষণত এনে বন্ধ সংস্কৃতি গোলাঘাটৰ সচেতন মহলে সহজভাৱে ল'ব পৰা নাই।

Your Comments