তিনিচুকীয়াৰ ফিল'বাৰীত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ শৱ দাহ

তিনিচুকীয়াৰ ফিল'বাৰীত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ শৱ দাহ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ আজিও জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত৷ ফিল'বাৰীত যুৱ-ছাত্ৰ পৰিষদ আৰু জাতীয় মহিলা পৰিষদৰ শতাধিক কৰ্মীয়ে সৰ্বানন্দ সোণোৱালৰ লগতে নৰেন্দ মোডীৰ শৱ লৈ গাভৰুভেটিৰ পৰা ৰূপজান গাঁৱলৈ এক সমদল কৰি ফিল'বাৰী ৰাজপথৰ ওপৰতে শৱ জ্বলাই প্ৰতিবাদমুখৰ হৈ পৰে৷ 

তিনিচুকীয়াৰ ফিল'বাৰীত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ শৱ দাহ

যিসময়ত ৰাজ্যৰ সকলো দল-সংগঠন তথা ৰাইজে  চৰকাৰৰ এনে কাৰ্যক সমালোচনা কৰিছে, ইয়াৰ বিপৰীতে চৰকাৰে সম্পূৰ্ণ ৰাইজৰ মতক উপেক্ষা কৰি অহা দেখা গৈছে৷ যাৰ ফলস্বৰূপে ৰাজ্যত বিভিন্ন ধৰণে প্ৰতিবাদ চলিছে৷ যোৱা ৮ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ অসম বন্ধকে ধৰি দিল্লীত অসমীয়া যুৱকে উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে৷ তাৰ পিছতো চৰকাৰৰ এনে মনোভাবৰ বাবে আজি ফিল'বাৰীত এনে প্ৰতিবাদ কৰে৷ কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সদানন্দ দাস, সম্পাদক মুকুল মেধি, জিলা সহকাৰী সম্পাদক নৰেন্দ শইকীয়াকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

Your Comments