গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অবৈধ বিদেশীক বৰপিৰা পাৰি দিবলৈ গৃহীত কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীৰে ষড়যন্ত্ৰমূলকভাৱে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিৰোধী যৌথ আন্দোলনৰ নেতা মহেন বৰা, বিদ্যুৎ শইকীয়া, অসীম শইকীয়া আৰু ৰাজীৱ লস্কৰক অতি শীঘ্ৰে মুক্তি দিয়াৰ দাবীত আজি গোলাঘাটৰ ফৰকাটিং জংচনত নিখিল ভাৰত ছাত্ৰ ফেডাৰেছন, সদৌ চুতীয়া জাতি ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফৰকাটিং আঞ্চলিক সমিতিয়ে বিয়লি ৪ বজাত নামনিমুৱা তিনিচুকীয়া লামডিং যাত্ৰীবাহী ৰে'লখন প্ৰায় ১ ঘন্টা জুৰি অৱৰোধ কৰি ৰাখে। এই কাৰ্যসূচীত এ আই এছ এফৰ ৰাজ্যিক সভাপতি মানস বৰা আৰু উপ সভাপতি বিতোপন গগৈয়ে বক্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিনাচৰ্তে মহেন বৰা, বিদ্যুৎ শইকীয়াৰ সহিতে দুই সতীৰ্থক মুক্তি দিয়াৰ দাবী তোলে।
- Log in to post comments
- 17 views