টিএমপিকেৰ সভাপতি নৃপেন কামানৰ বিজেপিত যোগদান : মোক্ষম আঘাত সংগঠনত

টিএমপিকেৰ সভাপতি নৃপেন কামানৰ বিজেপিত যোগদান : মোক্ষম আঘাত সংগঠনত

আসন্ন মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি টিএমপিকেৰ মাজুলী জিলা সমিতিৰ সভাপতি নৃপেন কামানে আজি শাসকীয় বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিজেপিৰ মাজুলী জিলা সমিতিৰ সভাপতি দীপক গোস্বামীৰ উপস্হিতিত দলটোৰ জিলা কাৰ্যালয় গড়মূৰত টিএমপিকে সংগঠনৰ শীৰ্ষনেতাগৰাকীয়ে যোগদান কৰাক লৈ সমগ্ৰ মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

টিএমপিকেৰ সভাপতি নৃপেন কামানৰ বিজেপিত যোগদান : মোক্ষম আঘাত সংগঠনত

এই ঘটনাই এতিয়া সংগঠনটোত মোক্ষম আঘাত বুলি মত প্ৰকাশ কৰিছে সংগঠনটোৰ জ্যেষ্ঠ নেতা ক্ৰমে ভাস্কৰ পেগু, হৰিপ্ৰসাদ পেগু, ৰাজীৱ পেগু আদি নেতাই। তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে টিএমপিকেৰ মাজুলী জিলা সমিতিৰ দৰে শীৰ্ষ পদবীত থাকি সভাপতি পদৰ পৰা পদত্যাগ নকৰাকৈ বিজেপিৰ দৰে ৰাজনৈতিক দলত যোগদান কৰা ঘটনাই এক ধুমুহাৰ সৃষ্টি কৰিছে সংগঠনৰ ভিতৰ চ'ৰাত।

Your Comments