অসমীয়াৰ ভাষা, সংস্কৃতি, সমাজ, ধৰ্ম আদি সকলো দিশতে অস্তিত্বৰ সংকট নমাই অনা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ শীঘ্ৰে বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্র সন্থাসহ ৩০টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আজি আহ্বান জনোৱা ১১ ঘণ্টীয়া অসম বন্ধ মুখ্য মন্ত্ৰীৰ মাজুলীত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হয়। মাজুলীৰ বিভিন্ন স্হান উজনি মাজুলীৰ নয়াবজাৰ, জেংৰাইমুখ, ফুলনি, গড়মূৰ, বালি চাপৰি, গুৱালগাঁও, কমলাবাৰী, বনগাঁও, ৰাৱনাপাৰ আদি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, মাজুলী উপায়ুক্তৰ কাৰ্যালয়, কমলাবাৰী নিমাতী পাৰঘাট, অফলা নিমাতী পাৰঘাট, দক্ষিণপাট নিমাতী পাৰঘাট, চৰকাৰী তথা ব্যক্তিগত যান-বাহন, বিভিন্ন বিভাগীয় কাৰ্যালয় আদিকে ধৰি মাজুলীবাসীয়ে বন্ধলৈ পূৰ্ণ সমৰ্থন জনায়।
পুৱাৰে পৰা বন্ধৰ সমৰ্থকে মাজুলীৰ বিভিন্ন ৰাজপথলৈ ওলাই আহি বন্ধৰ সমৰ্থনত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধ চলি থকাৰ সময়তে মধ্য প্ৰদেশৰ অহা কমিছনাৰসহ এটা প্ৰতিনিধি দলক গড়মূৰৰ ৰাজপথত বহু সময় ধৰি আবদ্ধ কৰি ৰাখে বন্ধৰ সমৰ্থকে৷ প্ৰতিনিধি দলটোক উদ্ধাৰ কৰিবলৈ অহা আৰক্ষীৰ সৈতে বন্ধ সমৰ্থকে হতাহতিত লিপ্ত হয়। ইপিনে কমলাবাৰী চাৰিআলিত টায়াৰ জ্বলাই প্ৰতিবাদ কৰি থকা ছাত্ৰ সন্থাৰ ২০জনীয়া বন্ধৰ সমৰ্থকক মাজুলী আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়৷ এই বন্ধ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য কুমাৰ ভূঞা, মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, উপদেষ্টা পবিত্ৰ গোস্বামী, উপ-সভাপতি দীপক নেওগ আৰু সম্পাদক বিতোপন শৰ্মাই।
- Log in to post comments
- 11 views