গোলাঘাটৰ বিশিষ্ট লেখিকা, সমাজ সেৱিকা স্বৰ্ণলতা শইকীয়াৰ বিয়োগ

গোলাঘাটৰ১বিশিষ্ট১লেখিকা৭১সমাজ১সেৱিকা১স্বৰ্ণলতা১শইকীয়াৰ১বিয়োগ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

আজি পুৱা গোলাঘাটৰ বিশিষ্ট লেখিকা, সমাজ সেৱিকা স্বৰ্ণলতা শইকীয়াৰ মৃত্যু হয়। পুৱা ৫.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যুবৰণ কৰা লেখিকাগৰাকী ১৯৪৬ চনত লেটেকুজান চাহ বাগিচাত জন্মগ্ৰহণ কৰি ১৯৬৯ চনত বিশিষ্ট সাংবাদিক, সাহিত্যিক প্ৰয়াত কেশৱ শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

প্ৰয়াত শইকীয়া অসমৰ বিভিন্ন সামাজিক, সাহিত্যিক অনুষ্ঠানৰ লগত জড়িত আছিল। প্ৰধানকৈ গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা আৰু সভানেত্ৰীৰ পদ অলংকৃত কৰাৰ লগতে সাহিত্যৰ কৰ্মৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

শিশু সাহিত্যৰ ক্ষেত্ৰলৈ ৰং কিনিবা কোনে, কাজিৰঙা অভয়াৰণ্য, ৰচকী পখিলা বাই, ৰং আহে পাখি মেলি, ৰণধীৰহঁতৰ কথাৰে আদি লেখনিৰে অৱদান আগবঢ়াই যোৱাৰ লগতে উপন্যাস দুখুটি মুখৰ জুই, জুয়ে পোৰা সোণ, বৈজয়ন্তী আৰু গল্প সংকলন মধুচন্দ্ৰাৰ মুক্তি আদি অনন্য অৱদান।

আজি পুৱা লেখিকাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে চহৰখনত শোকৰ বন্যা বয়। মৃত্যুৰ সময়ত লেখিকাগৰাকীয়ে দুজন পুত্ৰ, বোৱাৰী, একমাত্ৰ নাতিনীক সংসাৰত এৰি থৈ যায়।

Your Comments