জখলাবন্ধা আৰক্ষীৰ জালত ৫ চোৰাং চিকাৰী 

জখলাবন্ধা আৰক্ষীৰ জালত ৫ চোৰাং চিকাৰী 

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

বিগত সময়ছোৱাত আৰক্ষীৰ সক্ৰিয় ভূমিকাৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দৌৰাত্ম্য এক প্ৰকাৰৰ স্তব্ধ হৈ পৰিছিল।  জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে এক গোপন সূত্ৰৰ পম খেদি ৫টাকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয়। কুঠৰী, গোঁহাইবাৰী, ৰজাআলিৰ বিভিন্ন স্থানত আত্মগোপন কৰি থকা চোৰাংচিকাৰী ক্ৰমে ফাৰুক আলী, আব্দুল আলী, মতিউৰ ৰহমান, টুটুমণি বৰা আৰু বাপুকণ বৰুৱাক আটক কৰে। আটকাধীন চোৰাংচিকাৰীৰ পৰা আৰক্ষীয়ে 8 জাঁই সজীৱ গুলীসহ চাইলেন্সাৰ পাইপ উদ্ধাৰ কৰে।

জখলাবন্ধা আৰক্ষীৰ জালত ৫ চোৰাং চিকাৰী 

আৰক্ষী সূত্ৰই জনোৱা মতে, যোৱা ৫ জানুৱাৰীত ধৃত চোৰাং চিকাৰীৰ দলটোৱে গঁড় চিকাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখত দুবাৰকৈ প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তৎপৰতাৰ বাবে সফল হ'ব পৰা নাছিল। ইতিমধ্যে আৰক্ষীয়ে অৰু অধিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

জখলাবন্ধা আৰক্ষীৰ জালত ৫ চোৰাং চিকাৰী 

 জানিব পৰামতে, ফাৰুক আলী, আব্দুল আলী, মতিউৰ ৰহমান আৰু বাপুকণ বৰুৱাক আগতে কেইবাবাৰো গঁড় চিকাৰৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছিল।

Your Comments