সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি মুখ্য মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টি মাজুলীৰ বিভিন্ন স্থানত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ নেতৃত্বত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সন্থাৰ মাজুলী মহকুমা সমিতিৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বতাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্হাপিত কৰিব খোজা হঠকাৰী সিদ্ধান্তৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে সমগ্র মাজুলীত।
নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰে বাতিল কৰক, হিন্দু বাংলাদেশীক অসমত সংস্হাপন দিব নোৱাৰিব, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ, হেংদাং আছে ধৰিলে ৰক্ষা নাই, আমাৰ সংগ্ৰাম চলিছে, ইনকিলাব জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে মাজুলীৰ ৰাজপথ উত্তাল কৰি তোলে। মাজুলী জিলাৰ সদৰ ঠাই গড়মূৰ, ফুলনি, পূব মাজুলীৰ বনগাঁও, ভকতিদুৱা, মধ্য মাজুলীৰ কমলাবাৰী, গেজেৰা, নামনি মাজুলীৰ বালিচাপৰি, দক্ষিণ মাজুলীৰ ধোদাং আদি বিভিন্ন স্থানত জ্বলিল বিধেয়কখনৰ প্ৰতিলিপি৷
দুপৰীয়া ১২ বজাত গড়মূৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সূৰ্য কুমাৰ ভূঞাই কয় যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে অসমীয়া জাতিটোক চৰম প্ৰতাৰণা কৰিছে৷ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমীয়াৰ আৱেগ-অনুভূতিক কুঠাৰাঘাত কৰি চৰম প্ৰতাৰণা আৰু অন্যায় কৰিছে৷ জাতিধ্বংসী বিধেয়ক সন্দৰ্ভত শীঘ্ৰে মুখ্য মন্ত্ৰীগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ উল্লেখ কৰি জাতিটোক কৰা প্ৰতাৰণাৰ ফল চৰকাৰখনে ভোগ কৰিব লাগিব আৰু ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব বুলি হুংকাৰ দিয়ে৷
মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অসম চৰকাৰখনে গাদী ৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰৰ ওচৰত আঁঠু লোৱা নীতি পৰিহাৰ কৰি অসমীয়া জাতিটোৰ হৈ কাম কৰক৷ জাতিটো ৰক্ষা কৰক, অন্যথা ভয়ানক পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হওক অসম চৰকাৰ৷ জাতি-মাটি-ভেটিৰ শ্লোগানেৰে শাসনৰ গাদী লোৱা চৰকাৰে জনতাৰ মতক চূড়ান্তভাৱে বুঢ়া আঙুলি দেখুৱাই দাম্ভিকভাৱে কাম কৰিলে কোনো কাৰণতে ছাত্ৰ সন্থাই এই নীতি মানি লোৱা নহ’ব বুলি খোদ মুখ্য মন্ত্ৰীৰ সমষ্টিৰ পৰা সকীয়াই দিয়ে৷
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গড়মূৰত বিদ্যুত শইকীয়া আৰু কাকু বৰা, জেংৰাইত দিগন্ত বৰুবা আৰু অবিনাশ বৰা, পূব মাজুলীত অনন্ত দাস আৰু কাকুমণি কলিতা, ভকতিদুৱাৰত দীপক টায়ে আৰু বিমান বৰা, কমলাবাৰীত দীপক নেওগ, পংকজ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া, নামনি মাজুলীত ৰংগৰস মহন্ত আৰু কুশল হাজৰিকা, গেজেৰাত উত্তম বৰা আৰু দেউজান মিলি, দক্ষিণ মাজুলীত বিতোপন বৰাৰ নেতৃত্বত ছাত্ৰ সন্থাই এই বিধায়কখন দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷
- Log in to post comments
- 8 views