"পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই সুদীৰ্ঘদিন ধৰি অবিৰতভাৱে গণতান্ত্ৰিক আন্দোলন কৰি আহিছোঁ যদিও কোনো এখন চৰকাৰ তথা ৰাজনৈতিক দলে আমাৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত যি আন্তৰিকতা প্ৰদৰ্শন কৰিব লাগিছিল সেই আন্তৰিকতা প্ৰদৰ্শন নকৰিলে৷
বৰং জনগোষ্ঠীটোক নিঃশেষ কৰাৰ বাবেহে ষড়যন্ত্ৰ কৰি আহিছে৷" এই অভিযোগ উত্থাপন কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই৷ আজি সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে বিগত ১৯৬৭ চনৰ পৰা জনজাতিকৰণৰ দাবীত চলাই অহা আন্দোলনৰ ফলস্বৰূপে ১৯৯৬ চনত ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিছিল৷
কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে চৰকাৰে ষড়যন্ত্ৰ কৰি এবছৰ পিচতে পুনৰ জনজাতিকৰণৰ মৰ্যাদা উঠাই লয়৷ আমাৰ স্পষ্ট কথা, জনগোষ্ঠীটোৰ জনজাতিকৰণৰ ক্ষেত্ৰত কিয় ষড়যন্ত্ৰ কৰি আহিছে৷ নে কোচ ৰাজবংশীসকলক নিঃশেষ কৰাৰ আঁচনি লৈছে? কাৰণ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰে যে চৰকাৰ গঠন হ'লে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব৷
কিন্তু আজি আমি দেখিবলৈ পালোঁ যে কি কংগ্ৰেছ, কি বিজেপি আৰু কি অগপ- সকলো ৰাজনৈতিক দলেই একেই স্থিতি লয়৷ নিৰ্বাচনৰ আগমুহূৰ্তত এটা বেলেগ স্থিতি আৰু শাসনৰ গাদীত বহিলে আন এটা স্থিতি গ্ৰহণ কৰে৷ বিজেপি দলেও ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ আনকি দলৰ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে এইখন বঙাইগাঁও জিলালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সভাত নিজৰ ভাষণত প্ৰতিশ্ৰুতি দিছিল যে যদিহে বিজেপিয়ে চৰকাৰ গঠন কৰে তেতিয়াহ'লে ছমাহৰ ভিতৰতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব৷
ছমাহ দূৰৰে কথা, কাৰ্যকালেই শেষ হ'ব৷ মাত্ৰ আঢ়ৈ মাহমান বাকী আছে৷ প্ৰতিশ্ৰুতি যে ভুৱা আছিল সেয়া উন্মোচিত হ'ল৷ অৱশ্যে তাৰ মাজতো কেন্দ্ৰৰ বিজেপি চৰকাৰৰ শেহতীয়াকৈ অনুষ্ঠিত কেবিনেট বৈঠকৰ সময়ত আমি আশা কৰিছিলোঁ যে নিশ্চয় কিবা এটা ভাল খবৰ আহিব৷ কিন্তু কেবিনেট বৈঠকত জনজাতিকৰণৰ বিষয়ত কোনো কথা আলোচনাই নকৰিলে৷ গতিকে ইয়াৰ পৰা বুজা যায় যে বিজেপি চৰকাৰৰো কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ সদিচ্ছা নাই৷
জনগোষ্ঠীটোৰ সমস্যাক লৈ কেৱল ৰাজনৈতিক পাশাখেল খেলি আহিছে, ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে৷ সদিচ্ছা থাকিলে সমস্যাটোৰ সমাধান কৰিবলৈ ইমান সময় নালাগে৷ কাৰণ আমি সকলো প্ৰয়োজনীয় বৈশিষ্ট্য থকাৰ কাৰণেই ১৯৯৬ চনত জনজাতিকৰণৰ মৰ্যাদা পাইছিলো বুলিও কয়৷
সংবাদমেলত আক্ৰাছুৰ নেতাদ্বয়ে আৰু কয় যে জনজাতিকৰণৰ সকলো বৈশিষ্ট্য থকাৰ পিচতো চৰকাৰে পুনৰ ২০১৬ চনত এক ষড়যন্ত্ৰ কৰি এখন মডেলিটী কমিটী গঠন কৰি দিলে যদিও তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলগীয়া কমিটীখনে তিনিবাৰকৈ সময় লৈয়ো প্ৰতিবেদনেই দাখিল নকৰিলে৷ আমি কোনো মডেলিটী নামানো৷ এতিয়া পুনৰ নিৰ্বাচন আহিছে৷ সন্মুখত লোকসভা নিৰ্বাচন থকাত পুনৰ আভুৱা-ভাঁৰিবলৈ উঠি-পৰি লাগিব চৰকাৰ৷ হয়তো মডেলিটীৰ আৰ্হিত জনজাতিকৰণ দিব পাৰে যদিও বিটিএডি অঞ্চলত নিদিব পাৰে৷ কিন্তু আমাৰ স্পষ্ট কথা, আমাক পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা লাগিব৷ আমি কোনো অন্যান্য জনজাতিকৰণৰ মৰ্যাদা গ্ৰহণ নকৰো৷ যিহেতু পূৰ্বে আমাক পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল, সেয়ে ১৯৯৬ চনত যি অনুমোদনৰ ভিত্তিত জাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল তাৰ ভিত্তিত জনজাতিকৰণ কৰিব লাগিব৷
আক্ৰাছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে সংবাদমেলত কয় যে কাইলৈ (সোমবাৰে) কেন্দ্ৰীয় চৰকাৰৰ শেষৰখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব৷ গতিকে সেই বৈঠকত কোচ ৰাজবংশী জনগোষ্ঠীক পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায়৷ অন্যথা কেবিনেট বৈঠকত যদি এই সিদ্ধান্ত গ্ৰহণ কৰি চলিত সংসদৰ অধিৱেশনত উত্থাপন নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলিও চৰকাৰক সকীয়াই দিয়ে৷ লগতে অহা ৮ জানুৱাৰীৰ ১২ ঘণ্টীয়া অসম বন্ধ সৰ্বাত্মক ৰূপত ৰূপায়িত কৰি দেখুৱাব বুলিও কয়৷
ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘই কৰি অহা বিৰোধিতাৰ বাবে ট্ৰাইবেল সংঘক তীব্ৰ গৰিহণা দিয়ে৷ আক্ৰাছুৰ নেতৃত্বই কয় যে চৰকাৰে আমাৰ সমস্যা সমাধান কৰিব বিচাৰিলেই ট্ৰাইবেল সংঘ জাঙুৰ খাই উঠে৷ আমি তেওঁলোকৰ পৈতৃক সম্পত্তি বিচৰা নাই৷ আমি আমাৰ আত্মমৰ্যাদা আৰু সাংবিধানিক ৰক্ষা কবচ বিচাৰিছোঁ৷ কোচ ৰাজবংশীসকল এইখন অসমৰে আৰু এইখন কমতাপুৰৰে খিলঞ্জীয়া ভূমিপুত্ৰ৷
সেয়ে তেওঁলোকে যদি জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিব পাৰে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলে কিয় জনজাতিকৰণৰ মৰ্যাদা লাভ কৰাৰ বাবে ইমান দিন সময় লাগে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ লগতে কয় যে একোটা জনগোষ্ঠীয়ে দহ বছৰৰ বাবেহে জনজাতিকৰণৰ মৰ্যাদা তথা সা-সুবিধাসমূহ ভোগ কৰিব পাৰে৷ জনগোষ্ঠী এটাক উন্নত হ'বলৈ দহ বছৰ সময় দিয়া হয়৷ কিন্তু তেওঁলোকে যুগ যুগান্তৰ ধৰি জনজাতিকৰণৰ সুবিধা ভোগ কৰি আছে৷
সেয়ে তেওঁলোকৰ জনজাতিকৰণৰ মৰ্যাদা উঠাই ল'বলৈ আক্ৰাছুৱে চৰকাৰৰ ওচৰত দাবী জনায়৷ আক্ৰাছুৰ স্পষ্ট কথা, আমি ট্ৰাইবেল সংঘৰ ওচৰত জনজাতিকৰণ বিচৰা নাই৷ আমি চৰকাৰৰ ওচৰতহে আবেদন জনাইছো৷ স্বীকৃতি বিচাৰিছোঁ ভাৰত চৰকাৰৰ ওচৰত৷ কাৰণ কোচ ৰাজবংশীসকল প্ৰকৃততে জনজাতিয়েই৷ সংবাদমেলত ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীক সকীয়নি দি নেতাদ্বয়ে কয় যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত যাতে ট্ৰাইবেল সংঘই বিৰোধিতা কৰি নাথাকে৷
অন্যথা এইদৰে বিৰোধিতা কৰি থাকিলে আক্ৰাছুৱেও তেওঁলোকৰ জনজাতিকৰণৰ মৰ্যাদা উঠাই লোৱাৰ দাবীত আন্দোলন গঢ়ি তুলিব বুলিও কয়৷ কাৰণ একমাত্ৰ এই ট্ৰাইবেল সংঘৰ ঘোৰ বিৰোধিতাৰ বাবেই ১৯৯৬ চনত জনগোষ্ঠীটোক প্ৰদান কৰা জনজাতিৰ মৰ্যাদা বাতিল হৈছিল বুলি অভিযোগ কৰি সেই দুখ আৰু বেদনা এতিয়ালৈকে অন্তৰত লৈ থকা বুলিও কয়৷ আমি ভাতৃঘাতী সংঘৰ্ষ বিচৰা নাই৷
ইপিনে আক্ৰাছুৰ সাধাৰণ সম্পাদ গোকুল বৰ্মনে সংবাদমেলত কয় যে আমি ধৈৰ্যসহকাৰে সুদীৰ্ঘদিন ধৰি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ যদিও প্ৰতিখন চৰকাৰে আমাক কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চনাহে কৰি আহিছে৷ সেয়ে আমি আৰু হাত সাৱটি বহি নাথাকো৷ হয় মৰিম, নহ'লে কমতাপুৰ উদ্ধাৰ কৰিম সংকল্পৰে পৰৱৰ্তী পৰ্যায়ত আইন অমান্য আন্দোলনৰ পৰা আৰম্ভ কৰি উলংগ প্ৰতিবাদ সাব্যস্ত কৰি আমি দেখুৱাই দিম জনগোষ্ঠীটোক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰাৰ ফল৷
প্ৰয়োজনত আমি জংগী আন্দোলন গঢ়ি তোলাৰ লগতে সমস্যাৰ সমাধানৰ বাট নোলালে জংঘললৈ যাবলৈও বাধ্য হ'ম বুলিও কয়৷ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে চৰকাৰে যিহেতু গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদিয়ে, সেয়ে পৰৱৰ্তী সময়ত সশস্ত্ৰ আন্দোলন যে নিশ্চিতভাৱে গঢ়ি উঠিব তাক বৰ্তমান সময়ত নুই কৰিব নোৱাৰো৷ কাৰণ বৰ্তমান সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে ক্ষোভিত হৈ হাতত অস্ত্ৰ তুলি লোৱাৰ বাবে বাধ্য হৈ পৰিছে বুলিও কয়৷
আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আক্ৰাছু নেতাগৰাকীয়ে কয় যে কোনো কাৰণতে আমি কমতাপুৰ আৰু অসমত অবৈধ প্ৰব্ৰজনকাৰীৰ বোজা আৰু গ্ৰহণ নকৰো৷ বিগত দিনবোৰত আমি বিদেশীৰ বোজা লৈ লৈ বৰ্তমান নিজৰ ভূমিতে আমি গৃহহীন হৈ পৰিছো৷ নিজৰ ভূমিতে এতিয়া ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিকভাৱে নিঃশেষ হৈ পৰিছোঁ৷ শেহতীয়াভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰে যি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰি জাতিধ্বংসী বিধেয়কখন আমাৰ ওপৰত জাপি দিব বিচাৰিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ৷
লগতে কাইলৈ এই বিধেয়কখন কেবিনেটত উত্থাপন কৰি যদি গৃহীত কৰে তেতিয়াহ'লে আমি সকলোৱে ঐক্যবদ্ধ হৈ বিধেয়কখন বাতিল কৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিধেয়কখন বাতিলৰ বাবে বাধ্য কৰিবলৈ আন্দোলন গঢ়ি তুলিম৷ বিজেপিয়ে দলে নিৰ্বাচনৰ পূৰ্বে দলে চৰকাৰ গঠন কৰিলে বিদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব বুলি সকীয়নি প্ৰদান কৰিছিল আৰু ইয়াৰ ফলত অসমবাসী ৰাইজে দলটোক শাসনত অধিষ্ঠিত কৰিছিল৷
কিন্তু সেই বিজেপি দলে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ উঠি-পৰি লাগিছে৷ ইয়াতকৈ আৰু প্ৰতাৰণা কি হ'ব পাৰে৷ উল্লেখ্য যে সংবাদমেলত আক্ৰাছুৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কে'বাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল৷
- Log in to post comments
- 199 views