বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
শনিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায়। এই উপলক্ষে বিলাসীপাৰা বাবুৰ হাট প্ৰাঙ্গণত বিয়লি ২.৩০ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিলাসীপাৰা জিলা সমিতিৰ সভাপতি ইনামুল হকে। সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংখ্যালঘুৰ সমস্যা সম্পৰ্কে বিস্তাৰিতভাৱে ব্যাখ্যা কৰে।
বিশিষ্ট অতিথি হিচাপে এ এছ এছ পিৰ উপদেষ্টা তথা খাৰুপেটীয়া কলেজৰ অধ্যাপক নাজিৰ হুছেইনে সংখ্যালঘুৰ সমস্যাৰ লগতে শিক্ষা সম্পৰ্কে ভাষণ প্ৰদান কৰে। তেওঁ সংখ্যালঘুৰ জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ দৰে নেতাৰ প্ৰয়োজন আছে বুলি ৰাইজক কয়।
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা কেন্দ্ৰীয় উপ-সভাপতি আফজালুৰ ৰহমানে সংখ্যালঘুৰ জাতীয় সমস্যা সম্পৰ্কে বিস্তাৰিতভাৱে ভাষণ প্ৰদান কৰে আৰু সংখ্যালঘু ৰাইজৰ সমস্যাৰ ক্ষেত্ৰত সাহসী নেতা, প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ প্ৰয়োজন আছে। তেওঁ প্ৰাক্তন বিধায়কগৰাকীক প্ৰশংসা কৰে।
আমন্ত্ৰিত অতিথি হিচাপে প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা উপস্থিত থাকি সংখ্যালঘুসকলৰ বিভিন্ন ধৰণৰ সমস্যা আৰু সমাধান সম্পৰ্কে ভাষণ প্ৰদান কৰে। সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বহুকেইজন নেতাৰ লগতে তিনি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। ইফালে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে উক্ত অধিবেশনতে বিলাসীপাৰা জিলা সমিতিৰ সভাপতি হিচাপে ফজৰ আলী মণ্ডলক দায়িত্বভাৰ প্ৰদান কৰে।
- Log in to post comments
- 13 views