চেঙাৰ পৰা সুৰজিৎ পাঠক
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ৰ বিৰোধিতা আৰু বাতিলৰ দাবীত দেওবাৰে মুছলিম ছাত্ৰ সন্থা, অসমে বিভিন্ন জিলাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ নেতৃত্বত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ বৰাগদিয়াতো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে।
অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে জোৰজুলুমকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ জাপি দিবলৈ বিচাৰিলে তাক কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি কোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে আইনী যুঁজ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনে মন্তব্য কৰে। আনহাতে, সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা প্ৰতিবাদী কাৰ্যসূচীত মুছলিম ছাত্ৰ সন্থাৰ পূৰ্ণ সমৰ্থন থকা বুলিও জনায় জালাল উদ্দিনে।
প্ৰতিকৃতি দাহ কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মতিউৰ ৰহমান, বৰপেটা জিলা সমিতিৰ সভাপতি আজাহাৰ খান, সাধাৰণ সম্পাদকদ্বয় লতিফ আলী, হাফিজুৰ ৰহমান, সম্পাদক মকিবুল ইছলাম, বৰপেটা জিলা সমিতিৰ প্ৰাক্তন সভাপতি জাহিদুল ইছলামৰ উপৰি যথেষ্টসংখ্যক কৰ্মী-সমৰ্থক উপস্থিত থাকে।
- Log in to post comments
- 16 views