দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি শিলচৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰে সংসদত গৃহীত কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে ক্ৰমাৎ উত্তাল হৈ পৰিছে ৰাজ্য৷ প্ৰধান মন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বঙাইগাঁৱতো বিভিন্ন দল-সংগঠনৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ যাৰ ফলস্বৰূপে আজি বঙাইগাঁও চহৰৰ মাজমজিয়াত এই বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যাগত কেবাটাও সংগঠনৰ নেতা-কৰ্মীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নৰেন্দ্ৰ মোডী মূৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, নৰেন্দ্ৰ মোডীৰ দালালি নচলিব, সৰ্বানন্দ সোণোৱাল গ' বেক আদি বিভিন্ন শ্লোগান দিয়ে৷
পুত্তলিকা দাহ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মনোৰঞ্জন ভাগৱতী, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া শিৱানন বৰ্মন, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ, সদৌ বঙাইগাঁও জিলা কলিতা ছাত্ৰ সন্থাৰ সভাপতি নীলমণি কলিতা আৰু সাধাৰণ সম্পাদক দ্বীপজ্যোতি কলিতা, নাগৰিক সুৰক্ষা মঞ্চ, আমছু আদি সংগঠনৰ নেতাই অংশ গ্ৰহণ কৰে ৷ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিজন নৰেন্দ্ৰ মোডীয়ে বিগত লোক সভা নিৰ্বাচনৰ সময়ত ১৬ মেৰ পিচত সকলো বাংলাদেশীয়ে টালি- টোপোলা বান্ধিব লাগিব বুলি কৈছিল , সেই একেজন নৰেন্দ্ৰ মোডীয়ে এইবাৰ ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ পূৰ্বে কৈ আছে যে বিদেশীসকলক ভাৰতত ঠাই দিয়া হ'ব ৷
আচলতে নৰেন্দ্ৰ মোডী তথা বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু আৰ এছ এছে অসমীয়া জাতীৰ যি জাতীয়তাবাদ তাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিছাৰিছে ৷ আমি অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰৰ প্ৰশ্নবোৰত সদায় মাত মাতি আহিছো ৷ কিন্তু আজি এই অধিকাৰবোৰক নৰেন্দ্ৰ মোডীয়ে ধ্বংশ কৰিব খুজিব ৷ নৰেন্দ্ৰ মোডীয়ে যদি সঁচাকৈ নিজকে শক্তিশালী নেতা বুলি ভাৱে তেতিয়াহ'লে বাংলাদেশ, পাকিস্তান, আফগানিস্তানত নিপীড়িত হৈ থকা হিন্দুসকলৰ বিষয়ে ৰাষ্ট্ৰ সংঘত আজিলৈকে উত্থাপন কৰা নাই কিয়? যদি তেওঁ সঁচাসচিকৈ হিন্দুসকলক ভাল পায় তেতিয়াহ'লে হিন্দুসকলৰ কথাটো ছাৰ্ক সন্মিলত উত্থাপন কৰা নাই কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে সেই ৰাষ্ট্ৰ প্ৰধানবোৰক কিয় হেচা দিব পৰা নাই বুলিও কয় ৷ আচলতে নৰেন্দ্ৰ মোডীক হিন্দুসকলৰ ভোটহে লাগে ৷
বিজেপিৰ যি হিন্দু ৰাষ্ট্ৰ গঠনৰ সপোন সেই সপোনক আমি কেতিয়াও বাস্তৱত ৰূপায়িত কৰিবলৈ নিদিও ৷ অসমীয়া জাতিৰ জাতীয়তাবাদ ধ্বংস কৰি কেৱল হিন্দু ৰাষ্ট্ৰ বনোৱাৰ সপোন সাৰ্থক কৰিবলৈ আমি অসমীয়া জাতিৰ জাতীয়তাবাদক ধ্বংস কৰিবলৈ'বলৈ নিদিও ৷ ১৯৭১ চনৰ পিচত অহা হিন্দুয়েই হওক, মুছলমানেইহওক বা খৃষ্টান আৰু বুদ্ধই হওক সকলো জাতি - ধৰ্মৰ লোকেই অসম ত্যাগ কৰিব লাগিবই ৷ যদিহে কোনো এজন বিদেশীকে দম্ভালি মাৰি আৰু বল প্ৰয়োগ কৰি অসমত সংস্থাপন কৰিব বিচাৰে তথা অসমলৈ আনিবলৈ বিচাৰে, তেতিয়াহ'লে অসম জ্বলিব ৷
জিলা সম্পাদকগৰাকীয়ে লগতে কয় যে অসমীয়া জাতিৰ বাবে এতিয়া গভীৰ সংকট নামি আহিছে ৷ সেয়ে এই মুহুৰ্তত অসমীয়া লোকে পিকনিক খাই আনন্দ কৰি ফুৰাৰ সময় নহয় ৷ এই মুহূৰ্তত সকলোৱে ওলাই আহি প্ৰতিবাদ গঢ়ি তোলাৰহে এয়া সময় বুলিও কয় ৷
- Log in to post comments
- 13 views