বদৰুদ্দিন আজমলক চৰ্তহীন ক্ষমা খোজাৰ দাবী 

ো

মৰিগাঁৱৰ পৰা জিতুমনি নাথ
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সাংবাদিকক  অভব্য আচৰণ কৰাৰ ঘটনাক মৰিগাঁও জিলা সাংবাদিক সংস্থাই তীব্ৰ নিন্দা কৰে৷ লগতে আজমলক চৰ্তহীন ক্ষমা খোজাৰ দাবী জনাইছে।

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা আৰু সম্পাদক জিতুমনি নাথে উল্লেখ কৰে যে বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ ওপৰত কৰা এই আক্রমণ কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়। ই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত চলোৱা এক পদাঘাত। এই ঘটনাই আজমলৰ প্ৰকৃত মানসিকতা পৰিস্ফুট কৰি তুলিছে৷আজমলে চৰ্তহীন ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ সভা-সমিতিসমূহত সহযোগিতা নকৰিবলৈ সকলো সংবাদমাধ্যমকে আহ্বান জনায়। 

Your Comments