টুইটাৰ যোগে আজমলৰ দুখ প্ৰকাশ 

w

বুধবাৰে ধুবুৰী এখন সভাত এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক কৰা ৰ্দুব্যৱহাৰৰ পাছত সমগ্ৰ অসমতে আজমলৰ এই ব্যৱহাৰক ধিক্কাৰ দিছিল সচেতন মহলে। সকলোৱে এআইউদিএফৰ মুৰব্বীগৰাকীৰ এনে আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বহুতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে বুলিও আহ্বান জনাইছিল।

বহুতে আকৌ বদৰুদ্দিন আজমলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰ্দুব্যৱহাৰ কৰাৰ বাবে আইন প্ৰক্ৰিয়াত বিচাৰ কৰিব লাগে নেতাজনক। কাৰণ এজন ৰাজনৈতিক নেতা হৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এনেদৰে অপমান কৰাটো কেতিয়াও যুক্তি সংগত হ'ব নোৱাৰে। উল্লেখ যে, ইতিমধ্যে বদৰুদ্দিন আজমলৰ এই বাতৰিটো প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় মাধ্যমটো। তাৰ সমান্তৰালকৈ অৱশেষত সামাজিক মাধ্যমত ক্ষমা খুজিছে বদৰুদ্দিন আজমলে।

w

তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰিছে যে "গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু সাংবাদিকসকলক মই আগৰ পৰাই শ্ৰদ্ধা কৰো আৰু আন্তৰিকতাৰে চাওঁ, সেইয়া সকলোৱে জানে। মানকাছাৰৰ ঘটনাটো অনিচ্ছাকৃত আকস্মিক হোৱা ঘটনা তাৰ বাবে মই দুখিত মৰ্মাহত"। এইয়া আছিল এইআইউডিঅফৰ মুৰব্বীগৰাকীৰ টুইটাৰত প্ৰকাশ পোৱা এটা পোষ্ট।

কিন্তু এতিয়া প্ৰশ্ন হয় সঁচাকৈ বাৰু এজন সাংবাদিকক ৰাজহুৱাভাৱে অপদষ্ট কৰি প্ৰাণে মৰা ভাবুকি প্ৰদান কৰি সামাজিক মাধ্যমত এটা পোষ্ট দিলেই সকলো শেষ হৈ যাব নেকি? দেশৰ আইন ব্যৱস্থাই আইনী প্ৰক্ৰিয়াৰ নেতাজনৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? ই কিন্তু আজি সচেতন সমাজত এটা প্ৰশ্ন সৃষ্টি কৰিছে।

Your Comments