দীপালী বৰঠাকুৰৰ দেহাৱসানত সদৌ অসম কবি সন্মিলনৰ গভীৰ শোক প্ৰকাশ

 দীপালী বৰঠাকুৰৰ দেহাৱসানত সদৌ অসম কবি সন্মিলনৰ গভীৰ শোক প্ৰকাশ

ৰহাৰ পৰা কুঞ্জ কাকতি

শুকুৰবাৰে দিনৰ ১.২৫ বজাত দীৰ্ঘকাল অসুস্থতাত ভুগি অসমীয়া সংগীত জগতলৈ অনবদ্য অবদান আগবঢ়োৱা দীপালী বৰঠাকুৰে সামৰিলে জীৱনৰ নাট । অসমীয়া চিত্ৰশিল্পৰ অন্য এক পথিকৃত, বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পত্নী দীপালী বৰঠাকুৰে জন্মগ্ৰহণ কৰিছিল ১৯৪১ চনৰ ৩০ জানুৱাৰীত শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমণি চাহ বাগিচাত ।

সোণৰ খাৰু নালাগে মোক/ কণমান বৰশীৰে চিপ্/ বন্ধু, সময় পালে আমাৰ ফালে/ অ' চেনাই মই যাওঁ দেই/ জোনধনে জোনালীতে তৰাৱতীক চাই/ কোন সেই ৰূপৱতী যায়/ বকুল বনত জোনাক যামিনী.... প্ৰমুখ্যে বহুকেইটা চিৰসেউজ গীতত কণ্ঠ নিগৰাই শ্ৰোতাৰ হৃদয়ত নিগাজী আসন ল'বলৈ সক্ষম হয়।

দৈৱৰ দুৰ্বিপাকত তেওঁ ১৯৬৯ চনত লুইত অ' নেযাবি বৈ শীৰ্ষক গীতত কণ্ঠদানৰ পাছতেই কণ্ঠৰুদ্ধ হোৱাত অসমীয়া সংগীতৰ এক কালজয়ী অধ্যায়ৰ পট পৰে । আইদেউ সন্দিকৈ শিল্পী সন্মান, অসম চৰকাৰৰ শিল্পী বঁটা আৰু ২০১৮ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা লাভ কৰা দীপালী বৰঠাকুৰে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মানো লাভ কৰিছিল ।

এনে এগৰাকী মহান শিল্পীৰ বিয়োগত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে । শিল্পীগৰাকীৰ বিয়োগত মৰ্মাহত সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া আৰু প্ৰধান সম্পাদক উজ্জ্বল পাওগামে নীলপৱন বৰুৱা আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

সন্মিলনৰ প্ৰচাৰ সম্পাদক মদাৰজ্যোতি আৰু অচ্যুৎ কুমাৰ বৰাই এক বিবৃতিযোগে সংবাদ মাধ্যমক এই কথা জনাইছে ।
 

Your Comments