অসমৰ আগশাৰীৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক অনা-চৰকাৰী সংস্থা যুৱ প্ৰয়াসৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভাখনি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৷ অহা ২২ ডিচেম্বৰত গুৱাহাটীৰ লখিমীনগৰস্থিত মুখ্য কাৰ্যালয়ত এই সাধাৰণ সভা অনুষ্ঠিত হ'ব ৷
কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী উদ্বোধন কৰিব যুৱ প্ৰয়াসৰ সভাপতি কিশোৰ শিৱমে ৷ ৮.৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰিব সমাজসেৱক ভদ্ৰেশ্বৰ তালুকদাৰে ৷
পুৱা ৯ বজাত অনুষ্ঠিত হ'ব বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ স্বাস্থ্য শিবিৰ মুকলি কৰিব বিশিষ্ট চিকিৎসক মমতাজ আলী আৰু সমাজসেৱক বিভূতি ৰঞ্জন পাটোৱাৰীয়ে ৷
উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰ পৰিচালনা কৰিব সৰ্থেবাৰীৰ ৰামকৃষ্ণ হোমিঅ'পেথিক ক্লিনিকৰ তৰফৰ পৰা ডাঃ হৰেকৃষ্ণ বিশ্বাসে ৷ ১২ বজাত অনুষ্ঠিত হ'ব সাধাৰণ সভা ৷
সভাত সভাপতিত্ব কৰিব যুৱ প্ৰয়াসৰ স্থায়ী সভাপতি কিশোৰ শিৱমে ৷ যুৱ প্ৰয়াসৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ লগতে কামৰূপ জিলা, ধেমাজি জিলা, শিৱসাগৰ জিলা আৰু বৰপেটা জিলা সমিতিৰ বিষয়ববীয়াসকলে সাধাৰণ সভাত অংশগ্ৰহণ কৰিব বুলি যুৱ প্ৰয়াসৰ এক প্ৰেছ বি়জ্ঞপ্তিযোগে জানিবলৈ দিছে ৷
- Log in to post comments
- 40 views