গহপুৰ আৰু বিহালীৰ সীমান্তৰ ননকে বিহমাৰী গাঁৱৰ হিৰালাল প্ৰধান আৰু জানুকা প্ৰধানৰ বিহালীৰ ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ যুটীয়া একাউণ্টৰ পৰা দুষ্টচক্ৰই লুটি নিলে ধন ।
চাইবাৰ অপৰাধীৰ চক্ৰটোৱে এয়াৰটেল মানী আৰু YESSBANK. IN ৰ জৰিয়তে ৭বাৰত লুটিলে মুঠ ৪৪,০০০ টকা ।
হিৰালাল প্ৰধানে একাউণ্ট আপডেট কৰি জ্ঞাত হোৱাত ঘটনা সম্পৰ্কে বিহালী থানাত এটি গোচৰ তৰিছে ।
উল্লেখ্য যে হিৰালাল প্ৰধান এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । তেওঁৰ সাঁচতীয়া ধনৰ এনেদৰে হৰলুকি হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ।
- Log in to post comments
- 110 views