চীনত কৰ্মৰত অসমীয়া অভিযন্তাৰ আদৰ্শ : নিজৰ ধনেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিলে পথ

চীনত কৰ্মৰত অসমীয়া অভিযন্তাৰ আদৰ্শ : নিজৰ ধনেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিলে পথ

ল'ৰাজনৰ নাম গৌতম বৰদলৈ ৷ ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ এসময়ৰ কৃতী ছাত্ৰজনে বৰ্তমান চীন দেশত নিজাকৈ এটা কোম্পানী খুলি ব্যৱসায় কৰি আছে ৷

বৈৰাগীমঠৰ ছল্ট ব্ৰুক কলেজৰ সমীপত Ceramic Engineer গৌতমৰ ঘৰ ৷ ডিব্ৰুগড় তথা অসমৰ এজন প্ৰখ্যাত সাংবাদিক প্ৰয়াত হেৰম্ব বৰদলৈ গৌতমৰ দেউতাক ৷

চীনত কৰ্মৰত অসমীয়া অভিযন্তাৰ আদৰ্শ : নিজৰ ধনেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিলে পথ

১৩ বছৰ ধৰি চীনত থকা গৌতম যেতিয়াই ঘৰলৈ আহে নবীন চন্দ্ৰ বৰদলৈ মূল পথ (কনভয় ৰোড)ৰ পৰা নিজৰ ঘৰলৈ সোমোৱা ৰাস্তাটোত ভৰি দিলেই মনটো সেমেকি উঠে ৷

চীনত কৰ্মৰত অসমীয়া অভিযন্তাৰ আদৰ্শ : নিজৰ ধনেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিলে পথ

কেঁচা, ওখোৰা-মোখোৰা ৰাস্তা, বাৰিষা পানীৰ ডোঙা, কাষৰ নলাৰ ঢেকীয়া, কচুৰে পোত খাই থাকে ৷ চকুৰ আগত ভাহি উঠে চীন দেশৰ পৃথিৱী বিখ্যাত উন্নত প্ৰযুক্তিৰে নিৰ্মিত ৰাস্তাসমূহ ৷

চীনত কৰ্মৰত অসমীয়া অভিযন্তাৰ আদৰ্শ : নিজৰ ধনেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিলে পথ

বহুতকে নিজৰ ঘৰৰ সমুখৰ ৰাস্তাটোৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ অনুৰোধ কৰিলে ৷ বহু বছৰ প্ৰতীক্ষাৰ অন্ততো যেতিয়া ৰাস্তাটো একেদৰে থাকিল গৌতমে নিজাকৈ এটা সুন্দৰ আঁচনি গ্ৰহণ কৰিলে ৷

চীনত কৰ্মৰত অসমীয়া অভিযন্তাৰ আদৰ্শ : নিজৰ ধনেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিলে পথ

প্ৰায় ৩০০ মিটাৰ ৰাস্তাটোৰ বাবে আৰ চিচ নলাসহ কংক্ৰীট ব্লক, পিভিচি গতি ৰোধক, সৌৰ ষ্ট্ৰীট লাইট, ৰোড ৰিফ্লেক্টৰ, ৰোড কনভেক্স মিৰ'ৰ,, চিচি টিভি কেমেৰা ইত্যাদিৰে নিৰ্মাণ কৰে ৰাস্তাটো ৷

চীনত কৰ্মৰত অসমীয়া অভিযন্তাৰ আদৰ্শ : নিজৰ ধনেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিলে পথ

বৰ্তমান গৌতমৰ একক প্ৰচেষ্টাত এই সকলো সুবিধাৰে 'হেৰম্ব বৰদলৈ পথ' ৷ বহু লক্ষ ধন ব্যয় কৰিলে গৌতমে ৷ ৰাইজ তথা সমাজৰ হিতৰ স্বাৰ্থত ৷ 'ছেফ এণ্ড স্মাৰ্ট ডিব্ৰুগড়'ৰ সপোন দেখা গৌতম আমাৰ সকলোৰে বাবে আদৰ্শ হৈ ৰওক ৷ 

Your Comments