অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ ৷ অসম চৰকাৰৰ কেবিনেটে এক গুৰুত্বপূৰ্ণ সভাত ২০১৯ বৰ্ষত মুঠ চৰকাৰী বন্ধ ৩৫ দিন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে কৰ্মচাৰীসকলে ২ দিন অৰ্ধ-ছুটী লাভ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় কেবিনেটত । এই বন্ধৰ তালিকা আজি প্ৰকা শকৰিছে ৰাজ্য চৰকাৰে ৷ সেই লৈ অসম চৰকাৰৰ প্ৰতিটো বিভাগতে কৰ্মচাৰীসকলৰ মাজত আনন্দময় পৰিবেশ বিৰাজ কৰিছে ।
উল্লেখ্য যে অহা বৰ্ষত অসম চৰকাৰৰ কৰ্মচাৰীসকলে ৩৫ দিনীয়া বন্ধৰ তালিকাত ১০ ছেপ্টেম্বৰ দিনটো মহৰম আৰু ১৩ অক্টোবৰ দিনটো লক্ষ্মীপূজা উপলক্ষে ২ দিনৰ অৰ্ধ-ছুটীৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেটত ।
২০১৯ বৰ্ষটোত ৩৫টা চৰকাৰী বন্ধৰ বিপৰীতে ২৫টা নিয়ন্ত্ৰিত বন্ধ (Restricted Holiday)ও কৰ্মচাৰীসকলে লাভ কৰিব ৷ উল্লেখ্য যে অসম চৰকাৰৰ কৰ্মচাৰীয়ে বছৰটোত ২৪টা দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বন্ধৰ লগতে ৫২টা দেওবাৰৰ বন্ধ লাভ কৰিব ৷
আনহাতে, অহা বৰ্ষটোত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে মুঠ ৩০ দিনৰ আৰ্জিত ছুটী (Earned leave) আৰু ১২ দিন নৈমিত্তিক ছুটী (Casual leave) লাভ কৰিব ৷
২০১৯ বৰ্ষৰ ৰাজ্য চৰকাৰৰ চৰকাৰী বন্ধৰ তালিকা
(১) ১৫ জানুৱাৰী - মাঘ বিহু
(২) ১৬ জানুৱাৰী - তুচু পূজা
(৩) ২৩ জানুৱাৰী - নেতাজীৰ জন্মজয়ন্তী
(৪) ২৬ জানুৱাৰী - গণৰাজ্য দিৱস
(৫) ২৯ জানুৱাৰী - বাথৌ পূজা
(৬) ৩১ জানুৱাৰী - মে-ডাম-মেফি
(৭) ১৯ ফেব্ৰুৱাৰী - বীৰ চিলাৰায় দিৱস
(৮) ২১ মাৰ্চ - দৌলযাত্ৰা
(৯) ১৪-১৬ এপ্ৰিল - ব'হাগ বিহু
(১০) ১৯ এপ্ৰিল - গুড ফ্ৰাইডে'
(১১) ১ মে' - মে' দিৱস
(১২) ৫ মে' - দামোদৰদেৱৰ তিথি
(১৩) ১৮ মে' - বুদ্ধ পূৰ্ণিমা
(১৪) ১৯ মে' - মাধৱদেৱৰ জন্মজয়ন্তী
(১৫) ৫ জুন - ঈদ-উল ফিট্ৰ
(১৬) ১২ আগষ্ট - ঈদ-উজ-জোহা
(১৭) ২০ আগষ্ট - মাধৱদেৱৰ তিথি
(১৮) ২৪ আগষ্ট - জন্মাষ্টমী
(১৯) ২ ছেপ্টেম্বৰ - শংকৰদেৱৰ তিথি
(২০) ২ অক্টোবৰ - গান্ধীজয়ন্তী
(২১) ৫ অক্টোবৰ-৮ অক্টোবৰ - দুৰ্গা পূজা
(২২) ৮ অক্টোবৰ - শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
(২৩) ১৮ অক্টোবৰ - কাতি বিহু
(২৪) ২৭ অক্টোৱৰ - কালী পূজা আৰু দীপাৱলী
(২৫) ২ নৱেম্বৰ - ষট পূজা
(২৬) ১২ নৱেম্বৰ - গুৰুনানকৰ জন্মজয়ন্তী
(২৭) ২৪ নৱেম্বৰ - লাচিত দিৱস
(২৮) ২ ডিচেম্বৰ - অসম দিৱস (চুকাফা দিৱস)
(২৯) ২৫ ডিচেম্বৰ - বৰদিন
- Log in to post comments
- 201 views