মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চেঙাৰাম মৰাঙৰ দেহাৱসান

মিচিং১সাহিত্য১সভাৰ১প্ৰাক্তন১সভাপতি১চেঙাৰাম১মৰাঙৰ১দেহাৱসান

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিচিং ভাষাৰ বিশিষ্ট সাহিত্যিক, লেখক, সু-বক্তা, জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, বিশিষ্ট সমাজ সংগঠক চেঙাৰাম মৰাঙে (৬৮) আজি পুৱা ৪.০৫ বজাত মাজুলী ফুলনিত থকা তেওঁৰ ফাৰ্ম হাউছত আকস্মিকভাৱে মৃত্যুক সাৱটি লয় ।

জানিব পৰামতে, যোৱা কেইবা বছৰ ধৰি তেওঁ হাওঁফাওঁ, উচ্চ ৰক্তচাপ, হৃদজনিত আদি ৰোগত মাজে-সময়ে ভুগি আহিছে যদিও মৃত্যুৰ সময়লৈকে সম্পূৰ্ণ সুস্থ অৱস্থাতেই আছিল ।

মিচিং১সাহিত্য১সভাৰ১প্ৰাক্তন১সভাপতি১চেঙাৰাম১মৰাঙৰ১দেহাৱসান

পুৱা প্ৰায় ৩.৫০ বজাত গাটো ভাললগা নাই বুলি কৈ কাহ এটা হোৱাৰ পিছতে তেওঁ হঠাৎ অসুস্থ হৈ পৰে । ঘৰৰ মানুহৰ লগতে স্হানীয় লোক আগবাঢ়ি আহি কিছু শুশ্ৰূষা কৰে যদিও ৪.০৫ বজাত বিশিষ্ট সাহিত্যিকগৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে ।

পিছত ফাৰ্ম হাউছৰ পৰা তেওঁৰ মৃতদেহ জেংৰাইমুখৰ ঘৰলৈ লৈ যোৱা হয় । জেংৰাইমুখত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা হেজাৰ হেজাৰ শুভাকাংক্ষীৰ সমাগম হৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

মৃত্যুৰ সময়ত মৰাঙৰ বয়স হৈছিল ৭০ বছৰ । মিচিং আগম কেবাঙৰ সভাপতিত্বৰ পদ দুবাৰকৈ অলঙ্কৃত কৰা চেঙাৰাম মৰাঙৰ অকাল বিয়োগ মিচিং জনগোষ্ঠীটোৰ লগতে সমগ্ৰ অসমীয়া সমাজ জীৱনৰ বাবেই এক অপূৰণীয় ক্ষতি ।

মিচিং১সাহিত্য১সভাৰ১প্ৰাক্তন১সভাপতি১চেঙাৰাম১মৰাঙৰ১দেহাৱসান

কবি-সাহিত্যিক, শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ মৰাঙৰ জন্ম হৈছিল বৃহত্তৰ অৱনৰী উপত্যাকাৰ ওভতা বৰঅয়েঙীয়া গাঁৱত ১৯৪৮ চনৰ ১৪ এপ্ৰিল তাৰিখে । পিতৃ ৰণোৱা মৰাং আৰু মাতৃৰ নাম জোনাকী মৰাং ।

অৱসৰৰ পিছত জন্মগাঁৱলৈ ঘূৰি ন'গৈ কৰ্মস্থলী জেংৰাইমুখতেই নিগাজীকৈ বহিবলৈ ল'লে । ছাত্ৰাৱস্থাৰ পৰাই তেওঁ সাহিত্য, সংস্কৃতি আৰু সামাজিক কামত নিজকে নিয়োজিত কৰিছিল ।

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই "কাজে আজন"(১৯৭৭) নামৰ আলোচনীখন সম্পাদনা কৰি সাহিত্যৰ পথাৰত জনপ্ৰিয় হৈ পৰিছিল । মিচিং আগম কেবাঙৰ দুটা কাৰ্যকালৰ (১৯৯২-৯৪, ১৯৯৭-৯৯) বাবে সভাপতিত্বৰ পদ অলঙ্কৃত কৰাৰ উপৰি তেৱেঁই আছিল মিচিং আগম কেবাঙৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা "লুচাৰ"(১৯৭৯)পত্ৰিকাৰ প্ৰথমজনা পত্ৰিকা সম্পাদক ।

মিচিং আগম কেবাঙৰ পঞ্চম দ্বিবাৰ্ষিক জেংৰাইমুখ অধিৱেশনৰ স্মৃতিগ্ৰন্থ "অৱনৰী বিল্লাম" (১৯৮১)খনো তেওঁ সম্পাদনা কৰিছিল । নদীদ্বীপ মাজুলীৰ জেংৰাইমুখ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ পৰা অৱসৰ লোৱা চেঙাৰাম মৰাং ছাত্ৰ-ছাত্ৰীৰ লগতে সহ-শিক্ষকসকলৰ মাজতো এজন সফল শিক্ষাবিদ হিচাপে প্ৰিয়ভাজন হৈ পৰিছিল ।

সাহিত্য কৰ্মৰাজিৰ স্বীকৃতি হিচাপে অসম চৰকাৰেও তেওঁক সাহিত্যিক পেঞ্চনাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । তেওঁৰ অমায়িক ব্যৱহাৰ, কৰ্তব্যনিষ্ঠতা আৰু ধৈৰ্যগুণ সদায় সমাজৰ বাবে পাথেয় হৈ ৰ'ব ।

Your Comments