গহপুৰৰ বুৰৈ নদী গহপুৰৰ অন্যতম এক বনভোজস্থলী হিচাপে জনাজাত । বহু দূৰ-দূৰনিৰ পৰা ইয়াত বনভোজ খাবলৈ বিভিন্ন লোকৰ আগমন ঘটে।
শনিবাৰে বিয়লি দুটা বনভোজ দলৰ মাজত ভুল বুজাবুজিৰ ফলত কাজিয়াৰ সূত্ৰপাত ঘটে। গহপুৰৰ হেলেম আৰু বিহালীৰ ৰাংচালী দলৰ মাজত হোৱা হতাহতিৰ ফলত হেলেম দলৰ দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছে।
উল্লেখযোগ্য যে হেলেম দলৰ ৰূপজ্যোতি শৰ্মা আৰু দীপক গগৈক ৰাংচালী দলৰ লোকে শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে।
- Log in to post comments
- 76 views