আগন্তুক ফেব্ৰুৱাৰী মাহৰ ১, ২, ৩ তাৰিখে ৰহাৰ জোঙালবলহু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন ৷ সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা শাখাৰ আমন্ত্ৰণত ৰহাত অনুষ্ঠিত হ’ব লগা শতবৰ্ষ গৰকা এই বৃহৎ জাতীয় অনুষ্ঠানৰ বিশেষ বাৰ্ষিক অধিবেশনৰ ১৪ ডিচেম্বৰত লাইখুঁটা স্থাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৷
১৪ ডিচেম্বৰত পুৱা ১০ বজাত অসম সাহিত্য সভাৰ উপ সভাপতি ডঃ হেমন্ত কুমাৰ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগা শুভাৰম্ভ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰিব আদৰণি সমিতিৰ সভাপতি তথা ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷ লাইখুঁটা স্থাপন কাৰ্যসূচীত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব জনজাতীয় সাহিত্য সভাৰ ৰাজ্যিক সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত কুমাৰ বড়ো, তিৱা সাহিত্য সভাৰ সভাপতি লালচিং মাদাৰ, বিশিষ্ট গৱেষক, সাহিত্যিক ডঃ নৰেণ কলিতা ৷
বিশিষ্ট অতিথিসকলৰ সহযোগত মহান অনুষ্ঠানটোৰ লাইখুঁটা স্থাপন কৰিবলগা এই ঐতিহাসিকক্ষণত ৰহাৰ সকলো দল-সংগঠনৰ লগতে সকলো ৰাইজৰ উপস্থিতি আদৰণি সমিতিয়ে বিনম্ৰভাৱে কামনা কৰিছে ৷
- Log in to post comments
- 13 views