জেংৰাইমুখত টি এম পি কে কৰ্মীয়ে জৈৱিক পদ্ধতিৰে আৰম্ভ কৰিছে পাচলি বাগান

a

মিচিং জাতীয় সংগঠন টি এম পি কে চেৰপাই আঞ্চলিক সমিতিৰ কৰ্মীয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে জেংৰাইমুখত পাচলি খেতিৰ বাগান আৰম্ভ কৰিছে। জেংৰাইমুখ কুমাৰবাৰীৰ ক্ৰমে আপাং পেগু, ৰক্তিম পেগু, সোণটি পেগু, সঞ্জীৱ দলে আৰু উজনি চেৰপাইৰ চান্তানু পেগুৱে যৌথভাৱে জেংৰাইমখ টাউনৰ পৰা উজনি লৈ প্ৰায় ডেৰ কিল'মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বত অৱস্থিত মৰাসূঁতিত প্ৰায় ১০ বিঘা ভূমিত এই পাচলি খেতি আৰম্ভ কৰিছে।

পাচলি খেতি কৰাটো ডাঙৰ কথা নহয় যদিও বৰ্তমান সময়ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰনৰ খেতি কৰাৰ ফলত মানৱ জীৱনলৈ যি অন্ধকাৰ নমাই আনিছে সেই সময়ত জৈৱিক সাৰৰ দ্বাৰা খেতি  কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কথা । এইসকল উদ্যোগী যুৱকে বিভিন্ন সময়ত সাংগঠনিকৰ লগতে টাটা ট্ৰাচ কোম্পানীৰ কাম তথা ঘৰুৱা কাম-কাজতো জড়িত থাকিব । এনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বাবে সময় অত্যন্ত অভাৱ ।

a

ব্যস্ততাৰ মাজতে সময় উলিয়াই অৰ্থনৈতিক স্বাৱলম্বীতাৰ পথ উলিয়াৰ বাবে আন এক সংগ্ৰামত আত্মনিয়োগ কৰিছে । বছৰ বছৰ ধৰি চন পৰি থকা প্ৰায় ১০ বিঘা ভূমিত আৰম্ভ কৰা পাচলি খেতিৰ ভিতৰত ক্ৰমে বেঙেনা, গাজৰ, বিলাহী, পালেং, জলকীয়া (বিভিন্ন প্ৰজাতিৰ), মূলা, লাই, লফা, ধনীয়া, ৰঙা লাও, জাতি লাও, দাংপতি, মৰিছা, আলু, কেৰেলা আদিকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি বাগানত লগুৱা হৈছে। বিলাহী খেতি ৰেইন চেলটাৰ পদ্ধতিৰে কৰা হৈছে ।

a

উল্লেখ্য যে এই শাক-পাচলি বাগানত উৎপাদিত পাচলিবোৰে মাজুলীৰ জেংৰাইমুখ, ফুলনি, গড়মূৰ, মুদৈবিল, নয়াবজাৰৰ লগতে ঢকুৱাখানাত যথেষ্ট বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। দৈনিক ত্ৰিশৰ পৰা পঞ্চাশ কিলো ওজন পৰ্যন্ত বিক্ৰী হয় এই বাগানৰ পৰা । ফলত আৰ্থিক দিশত কিছু সকাহ পাইছে এইসকল উদ্যোগী যুৱকে । এই পদক্ষেপ সকলো নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আদৰ্শৰ প্ৰতীক হ'ব পাৰে । কেৱল চৰকাৰী চাকৰি তথা অন্যান্য সা সুবিধালৈ অপেক্ষা নকৰাকৈ নিজাববীয়াকৈ এই কাৰ্যসূচী হাতত ল'ব পাৰে।

বৰ্দ্ধিত জনসংখ্যাৰ লগে লগে খাদ্য সমস্যাকে ধৰি বিভিন্ন সমস্যাই সকলোলোককে কলুকিত কৰিলেও যিসকল লোকে এই জটিল সময়তো কৰ্ম সংস্কৃতি গঢ়ি তুলিছে তেওঁলোকৰ বাবে কোনো সমস্যা আহিব নোৱাৰে। আপাং পেগু, চানতানু পেগু, সোণটি পেগু, ৰক্তিম পেগু আৰু সঞ্জীৱ দলেই এই পাচলি বাগানৰ লগতে ওচৰতে থকা মৰাসূতি বিলখনকো এইবাৰৰ নিবেদাত জয়ী হৈ মৎস্য ব্যৱসায়ত জড়িত হৈছে।

Your Comments