সেউজীয়া শাক-পাচলিও হ'ব পাৰে কেন্সাৰৰ দৰে মহাব্যাধিৰ কাৰক

সেউজীয়া শাক-পাচলিও হ'ব পাৰে কেন্সাৰৰ দৰে মহাব্যাধিৰ কাৰক

সেউজীয়া শাক-পাচলিৰে এতিয়া বজাৰ পয়োভৰ৷ দৈনন্দিন জীৱনৰ খাদ্যাভ্যাসত সেউজীয়া শাক-পাচলিৰ ভূমিকাও গুৰুত্বপূৰ্ণ৷ কিন্তু দৈনন্দিন খাদ্যাভ্যাসত সেউজীয়া শাক-পাচলি গ্ৰহণেৰে আমি প্ৰকৃততে কি আহৰণ কৰিছোঁ? পুষ্টি নে কিবা দুৰাৰোগ্য ব্যাধিৰ কাৰক? কেনেকৈনো সেউজীয়া শাক-পাচলিৰ নামত আমি প্ৰতিনিয়ত নিজৰ দেহত আহৰণ কৰি আহিচোঁ কেন্সাৰৰ দৰে মহাব্যাধিৰ কাৰক, এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন৷ বৈজ্ঞানিক পদ্ধতিৰে উৎপাদনৰ হাৰ বৃদ্ধিৰ বাবে খেতিপথাৰত এতিয়া বহুলভাৱে প্ৰয়োগ হৈ আহিছে কীটনাশক অথবা ৰাসায়নিক সাৰৰ৷

কীটনাশক বা ৰাসায়নিক সাৰৰ প্ৰয়োগে নিশ্চয়কৈ উৎপাদনৰ হাৰ বৃদ্ধি কৰিছে, কিন্তু সেই কৃষিজাত সামগ্ৰীৰ গুণগুত মানদণ্ড কিমান সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন৷ অধিক মাত্ৰাত কীটনাশক বা ৰাসায়নিক সাৰ প্ৰয়োগেৰে পুষ্টিকৰ সেউজীয়া শাক-পাচলিৰ ৰূপত আমি এতিয়া দৈনিক গ্ৰহণ কৰিছোঁ কেৱল কেন্সাৰৰ দৰে মহাব্যাধিৰ কাৰকহে৷  এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এক গৱেষণাত৷ বৰপেটাৰ মাধৱ চৌধূৰী মহাবিদ্যালয়ৰ জীৱ বিজ্ঞানৰ সহযোগী অধ্যাপক ৰণজিৎ হাজৰিকাই খেতিপথাৰত কীটনাশক-ৰাসায়নিক সাৰ প্ৰয়োগ আৰু ইয়াৰ পাদুৰ্ভাৱৰ ওপৰত বিগত দুবছৰ ধৰি চলাই আছে এক গৱেষণামূলক অধ্যয়ন৷

সেউজীয়া শাক-পাচলিও হ'ব পাৰে কেন্সাৰৰ দৰে মহাব্যাধিৰ কাৰক

এই গৱেষণাত পোহৰলৈ আহিছে যে কৃষিক্ষেত্ৰত অত্যধিক মাত্ৰাত কীটনাশক-ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খাদ্যসামগ্ৰীসমূহতো সেই কীটনাশক-ৰাসায়নিক সাৰৰ প্ৰভাৱ থাকি যায়৷ সেই খাদ্যসামগ্ৰীসমূহৰ জৰিয়তে বৰবিহ লেখীয়া সেই ৰাসায়নিক উপাদানসমূহ মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু লাহে লাহে ই মানৱ দেহত ৰাসায়নিক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে৷ যাৰফলত মানৱ দেহৰ জেনেটিক বিসংগতি হ'বলৈ আৰম্ভ কৰে আৰু পিছলৈ ইয়েই বহু দুৰাৰোগ্য মহাব্যাধিৰ কাৰক হিচাপে গা কৰি উঠে৷ গৱেষক ৰণজিৎ হাজৰিকাই এই ভয়ংকৰ তথ্য উপস্থাপন কৰি কয় যে অত্যধিক মাত্ৰাত প্ৰেষ্টিচাইডযুক্ত খাদ্যসামগ্ৰী গ্ৰহণ কৰিয়েই এতিয়া আমি তিলতিলকৈ আসন্ন মৃত্যুৰ ফালে আগুৱাই গৈ আছোঁ৷ পুষ্টিৰ নামত আমি এতিয়া খাই আহিছোঁ কেৱল বৰবিহ৷ প্ৰেষ্টিচাইডযুক্ত খাদ্যসামগ্ৰীয়ে এতিয়া জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷

ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে সৰ্বসাধাৰণ৷ ইয়াৰোপৰি এই গৱেষণাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত ওলাই পৰিছে যে ভাৰত চৰকাৰৰ অনুমোদন নথকা বহুতো প্ৰেষ্টিচাইড এতিয়াও বজাৰত অবাধে চলি আহিছে৷ কেৱল মুনাফা লাভৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে বি এইচ চি (BHC)ৰ দৰে ভয়াৱহ প্ৰেষ্টিচাইড সাধাৰণ কৃষক ৰাইজৰ ওচৰত বিক্ৰী কৰি আহিছে৷ এইসমূহ প্ৰেষ্টিচাইডে কৃষকসকলে খেতিপথাৰত ব্যৱহাৰ কৰি আহিছে আৰু দৈনন্দিন জীৱনৰ খাদ্যসামগ্ৰীতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে৷ ইপিনে এই বিষয়ত চৰকাৰৰ ভূমিকা এতিয়াও নিৰ্লিপ্ত হৈ আছে৷ সতেজ শাক-পাচলিৰ ৰূপেৰে এতিয়া বজাৰত কেৱল মহাব্যাধিৰ বৰবিহ৷ বৈজ্ঞানিক পদ্ধতিৰ নামত অতিমাত্ৰা প্ৰেষ্টিচাইড ব্যৱহাৰ কৰা কৃষকসকলক এতিয়া বুজাব কোনে? জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা এই বিষয়টো সন্দৰ্ভত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব৷

Your Comments