অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্ত নগাঁও আদালতত হাজিৰ

অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্ত নগাঁও আদালতত হাজিৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

সমগ্র দেশ কঁপোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ৪৭ জন অভিযুক্তক আজি নগাঁৱৰ জিলা সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি পুৱা ৪৭ আভিযুক্তক নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আনি আদালতত হাজিৰ কৰোৱা হয়।

নগাঁৱৰ জিলা সত্ৰ ন্যায়ধীশ ৰীতা কৰৰ আদালতত অভিযুক্ত সকলক হাজিৰ কৰোৱাৰ পাছত অভিযোগ গঠণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। চৰকাৰী অধিবক্তা, ভোক্তভোগী পৰিয়ালৰ অধিবক্তা আৰু অভিযুক্ত সকলৰ অধিবক্তাৰ যুক্তি সমূহ শুনাৰ পিছত আদালতে ৪৭ অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ আইনৰ ১৪৩/১৪৭/১৪৮/১৪৯/১৮৬/৩৩২/৩৪১/৩০২/৪২৭ ধাৰাৰ অধীনত অভি-নীল হত্যাকাণ্ডটোৰ গোচৰ পৰিচালনাৰ নিৰ্দেশ দিয়ে। আনকি, এজন অভিযুক্তৰ বিৰুদ্ধে ৩৭৯ৰ আন এক ধাৰা আৰোপ কৰা হয়।

এতিয়াৰে পৰা ৪৭ অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা এই ধাৰাসমুহৰ অধীনতেই পূৰ্ণাগ ৰূপত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আজি আদালতে অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ প্ৰথম সাক্ষীৰ দিন ২০১৯ বৰ্ষৰ ৫ জানুৱাৰী ধাৰ্য কৰে।

উল্লেখ্য যে, অভি-নীল হত্যাকাণ্ডৰ মুঠ ৪৮ জন অভিযুক্ত আছিল যদিও ইয়াৰে এগৰাকী নাবালক হোৱাৰ হেতুকে তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ ব'ৰ্ডত চলিব ।

স্মৰ্তব্য যে, চলিত বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অৰ্ন্তগত পাণজুৰি গাঁৱত সোপাধৰা সন্দেহত গুৱাহাটীৰ দুই যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নিলোৎপল দাসক নৃশংসভাৱে হত্যা কৰা হৈছিল ।

এই ঘটনা সন্দৰ্ভত ডকমকা থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ অভিভাৱকৰ লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটি ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্হানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।

সেই নিৰ্দেশনা অনুসৰিয়েই এতিয়া নগাঁও আদালতত আৰম্ভ হৈছে দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া । অভি-নীল হত্যাকাণ্ডৰ গোচৰটো ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্হানান্তৰ হোৱাৰ পিছত অভিযুক্ত সকলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ স্হানান্তৰ কৰা হয়। নগাঁও আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত যোৱা ১৮ ছেপ্টেম্বৰ, ১০অক্টোবৰ, ৮ নৱেম্বৰ আৰু ২২নৱেম্বৰত নগাঁৱৰ  জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল।

ইপিনে ,ভূক্তভোগী পৰিয়ালৰ অধিবক্তা বিজন মহাজনে সাংবাদিকৰ আগত কয় যে, অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত আজি অভিযুক্ত সকলক আদালতত হাজিৰ কৰোৱাৰ পাছত অভিযোগ গঠণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। চৰকাৰী  অধিবক্তাৰ যুক্তি আৰু অভিযুক্তৰ পক্ষৰ অধিবক্তাৰ যুক্তি শুণাৰ পাছত আদালতে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ উল্লিখিত ধাৰাৰ অধীনত চলোৱাৰ নিৰ্দেশ দিয়ে আদালতে ।
 
অভিজিৎ-নিলোৎপলৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু অজিত নাথৰ ভাষ্য: 

আমাৰ ন্যায়লয়ৰ ওপৰত সম্পূৰ্ণ আস্হা আছে।আমি আশা কৰিছো অপৰাধীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব । দোষীয়ে উচিত শাস্তি পালে, কেৱল আমিয়েই নহয় আমাৰ সমাজেও ন্যায় পাব ।

Your Comments